• পৃথিৱীলৈ আদৰণি! বিপাশা বসুৰ কন্যা দেৱীক গুলপীয়া বেলুন উপহাৰ দিলে ছোনম কাপুৰৰ পুত্ৰ বায়ুৱে

    মনোৰঞ্জন
    পৃথিৱীলৈ আদৰণি! বিপাশা বসুৰ কন্যা দেৱীক গুলপীয়া বেলুন উপহাৰ দিলে ছোনম কাপুৰৰ পুত্ৰ বায়ুৱে
    ডিজিটেল ডেস্কঃ বিপাশা বসুৰ কন্যা দেৱীক গুলপীয়া বেলুন উপহাৰ দিলে ছোনম কাপুৰৰ পুত্ৰ বায়ুৱে। ইনষ্টাগ্ৰামযোগে এই কথা প্ৰকাশ কৰিছে বিপাশা বসুৱে।

    বিপাশা বসু আৰু কৰণ সিংৰ নৱজাত কন্যাৰ বাবে ছোনম কাপুৰ আৰু তেওঁৰ স্বামী আনন্দ আহুজাই চেনেহৰ এটা উপহাৰ প্ৰদান কৰিছে। এটা সৰু বাস্কেটৰ ভিতৰত উপহাৰসমূহ ৰখা হৈছে। উপহাৰসমূহৰ স’তে আছে কেইবাটাও গুলপীয়া বেলুন।




    প্ৰেৰকৰ তালিকাত ছোনম কাপুৰ আৰু আনন্দ আহুজাৰ স’তে তেওঁলোকৰ সন্তান বায়ুৰ নামো লিখা আছে। শুভেচ্ছাবাৰ্তাটোত লিখা আছে- “প্ৰিয় বিপ্চ আৰু কৰণ, কন্যাসন্তানৰ অভিভাৱক হোৱাৰ বাবে তোমালোকলৈ অনেক শুভেচ্ছা। সন্তান আৰ্শীবাদৰ দৰে। আমি জানো, দেৱীয়ে তোমালোকৰ জীৱন ভৰাই পেলাইছে।– ছোনম, আনন্দ আৰু বায়ু।”

    উল্লেখ্য যে যোৱা ১২ নৱেম্বৰত কন্যাসন্তান জন্ম দিছিল বিপাশাই। বিপাশাই কন্যাসন্তানৰ নাম ইতিমধ্যে দেৱী ৰাখিছে। আনহাতে, চলিত বৰ্ষৰ আগষ্টত ছোনম কাপুৰৰ পুত্ৰ বায়ুৰ জন্ম হৈছিল।