comScore
  • পুনৰ ত্ৰাণকৰ্তা ৰূপত ছনু ছুড, এইবাৰ বিমানবন্দৰত এজন অসুস্থ যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে অভিনেতাগৰাকীয়ে

    মনোৰঞ্জন
    পুনৰ ত্ৰাণকৰ্তা ৰূপত ছনু ছুড,  এইবাৰ বিমানবন্দৰত এজন অসুস্থ যাত্ৰীৰ জীৱন ৰক্ষা কৰিলে অভিনেতাগৰাকীয়ে
    ডিজিটেল ডেস্ক: পুনৰ ত্ৰাণকৰ্তা হিচাপে ছনু ছুড। এইবাৰ বিমানবন্দৰত এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে অভিনেতাজনে। সেয়া সম্ভৱ হ'ল কেৱল তেওঁৰ বৰ্তমানৰ বুদ্ধিমত্তা আৰু দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ বাবে।  নেটিজেনসকল বৰ্তমান সোণুৰ এই কামৰ প্ৰশংসাত পঞ্চমুখ। 

    জানিব পৰা মতে ছনু ছুড ডুবাই বিমানবন্দৰৰ পৰা উভতি আহিছিল। তেতিয়াই এই ঘটনা সংঘটিত হৈছিল। ইমিগ্ৰেচন ডেস্কত শাৰী পাতি থিয় হৈ আছিল ছনু ছুড। হঠাৎ তেওঁ চিঞৰ এটা শুনিবলৈ পালে। কি হ’ল সোধা-পোছা কৰি অভিনেতাজনে দেখিলে যে এজন আদবয়সীয়া মানুহ মাটিত অচেতন হৈ পৰি আছে। দেখাৰ লগে লগে ছনু ছুড দৌৰি মানুহগৰাকীৰ ওচৰলৈ গ’ল। ব্যক্তিজনৰ মূৰত এটা  কুশ্বন দিয়ে।  তাৰ পাছত চিপিআৰ দিবলৈ আৰম্ভ কৰিলে। চিপিআৰ দিয়াৰ কিছু সময়ৰ পাছতে লোকজনে চেতনা লাভ কৰে। তেতিয়ালৈকে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষী আৰু স্বাস্থ্যকৰ্মীসকল সেই স্থানত উপস্থিত হৈছিল। বাকী কামবোৰ তেওঁলোকে চম্ভালে।

    ১৯৯৯ চনত এখন তামিল ছবিৰ জৰিয়তে ছ’নুৱে চিনেমা জগতত প্ৰৱেশ কৰিছিল। পিছলৈ শ্বাহিদ-ই-আজম চিনেমাত ভগত সিংৰ চৰিত্ৰত হিন্দী ছবিৰ জগতত ভৰি দিয়ে। তেতিয়াৰ পৰাই ছনু ছুডে বহু ছবিত অভিনয় কৰিছে। নায়ক হোৱাৰ উপৰিও তেওঁক খলনায়ক হিচাপেও দেখা গৈছে। কিন্তু ৰূপালী পৰ্দাৰ এই মানুহজন হৈ পৰিল ক’ৰ’নাৰ সময়ত দুৰ্দশাগ্ৰস্ত আৰু অসহায় লোকসকলৰ বাবে ভগৱান স্বৰূপ। 

    কিমান প্ৰব্ৰজিত শ্ৰমিকক তেওঁ ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰিছে, কিমানজনৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে, সেইবোৰ হিচাপ নাই। ইউক্ৰেইনত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থাও কৰিছিল অভিনেতাগৰাকীয়ে। ছ’চিয়েল মিডিয়াত প্ৰায় সক্ৰিয় হৈ থাকে ছনু ছুড। এতিয়াও তেওঁৰ ঘৰৰ সন্মুখত সহায় বিচৰা লোকৰ শাৰী। তেওঁ সকলোৰে কথা শুনি যিমান পাৰে সহায় কৰে। তেওঁৰ বাবেই বিমানবন্দৰত অসুস্থ হৈ পৰা ব্যক্তিজন পুনৰ জীৱিত হৈ উঠিল বুলি প্ৰত্যক্ষদৰ্শীয়ে কয়।