ডিজিটেল ডেস্ক: বলীউডৰ জনদৰদী অভিনেতা ছনু ছুডৰ নতুন ছবি ফাতেহ মুক্তিৰ পথত৷ অভিনেতাগৰাকীয়ে তেওঁৰ উপাৰ্জনৰ বেছিভাগেই আৰ্তজনৰ সহায়ৰ বাবে দান কৰি আহিছে। কৰ’না মহামাৰীৰ সময়তো অভনেতা গৰাকীয়ে সহায়ৰ হাত আগবঢ়াইছিল। শেহতীয়াকৈ #DrugFreeFuture ৰ তৃতীয় ছিজনত সহায় কৰিবলৈ শনিবাৰে আহমেদাবাদত অনুষ্ঠিত হোৱা গিফ্ট চিটি ৰাণত অংশগ্ৰহণ কৰিছিল অভনেতা গৰাকীয়ে।
অভিনেতাগৰকাীয়ে সংবাদ মাধ্যমৰ হৈতে হোৱা কথা বাৰ্তাত কয় শীঘ্ৰেই একচন ছবি ফাতেহ মুক্তি লাভ কৰিব। লগতে তেওঁ ফাতেহৰ বক্স অফিচ সংগ্ৰহ বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমলৈ দান কৰিব বুলি সদৰি কৰছে। ইয়াৰ পাছতেই ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে আভিনেতা গৰাকীৰ এই বক্তব্য ।
অভিনেতাগৰাকীৰ এনে মহানুভৱতাৰ বাবেই তেওঁৰ জনসাধাৰণৰ মাজত জনপ্ৰিয় তথা অনুৰাগীৰ প্ৰিয়ভাজন হৈ পৰিছে। উল্লেখযোগ্য যে এই ছবিখন ২০২৫ চনৰ ১০ জানুৱাৰীত ছবিগৃহত মুক্তি পাব।
Leave A Comment