comScore
  • এইবাৰ মূৰ দোৱাব লাগিব পুষ্পৰাজে! দক্ষিণৰ মহাতাৰকাৰ বিৰুদ্ধে কিহৰ বাবে ৰুজু গোচৰ?

    মনোৰঞ্জন
    এইবাৰ মূৰ দোৱাব লাগিব পুষ্পৰাজে! দক্ষিণৰ মহাতাৰকাৰ বিৰুদ্ধে কিহৰ বাবে ৰুজু গোচৰ?

    ডিজিটেল ডেস্ক : বিপদৰ সন্মুখীন হৈছে পুষ্পৰাজ! ‘ম্যে ঝুকেগা নেহী চাল্লা...’
    বুলি পৰ্দাত তোলপাৰ লগোৱা এইবাৰ কি কৰিব? পুষ্পাই কাৰো ওচৰত মূৰ নোদোওৱা পুষ্পৰাজে
    এইবাৰ মূৰ দোৱাবলগীয়া হ’ব নেকি তাক লৈ চৰ্চা চলিছে। পুষ্পা ছবিৰে দেশৰ ছবিজগতত
    খলকনি সৃষ্টি কৰা দক্ষিণৰ মহাতাৰকা আল্লু অৰ্জুন এক অবাঞ্চিত সমস্যাৰ সন্মুখীন
    হৈছে। এটা বিজ্ঞাপনত ভাগ লৈ ভুল তথ্য প্ৰচাৰ কৰাৰ পাছত এতিয়া এজন সমাজকৰ্মীৰ ৰোষৰ
    বলি হৈছে তাৰকা অভিনেতাগৰাকী।



     



    আএএনএছত প্ৰকাশিত বাতৰি অনুসৰি এখন শিক্ষানুষ্ঠান সম্পৰ্কীয় এটা বিজ্ঞাপনত ভাগ
    লোৱা তাৰকাগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। সমাজকৰ্মী কোথা উপেন্দৰ ৰেড্ডীয়ে
    দাবী কৰিছে যে, আল্লু অৰ্জুনে অভিনয় কৰা বিজ্ঞাপনটো বিভ্ৰান্তিকৰ আৰু ইয়াৰ জৰিয়তে
    ভুল তথ্য প্ৰচাৰ কৰা হৈছে।  



     



    সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে সমাজকৰ্মীজনে এনে বিভ্ৰান্তিকৰ বিজ্ঞাপনত ভাগ
    লোৱা বাবে আল্লু অৰ্জুনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। তেওঁ অম্বৰপেট
    আৰক্ষীৰ ওচৰত বিজ্ঞাপনটোত ভাগ লোৱা বাবে আল্লু অৰ্জুনৰ ওপৰত আৰু ভুৱা তথ্য প্ৰকাশ
    কৰা বাবে চৈতন্য এডুকেচনেল ইনষ্টিটিউটৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।



     



    কোথা উপেন্দ্ৰ ৰেড্ডীয়ে আল্লু অৰ্জুন আৰু শ্ৰী চৈতন্য এডুকেচনেল ইনষ্টিটিউটে
    মানুহক বিভ্ৰান্ত কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বিৰু্দ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী
    জনাইছে। উল্লেখ্য যে, ইয়াকৰ পূ্ৰ্বে এটা ফুড ডেলিভাৰী এপৰ বিজ্ঞাপন কৰাক লৈ ৰোষৰ
    বলি হৈছিল আল্লু অৰ্জুন। চৰকাৰী ব্যৱস্থাক উলাই কৰি বিজ্ঞাপনত অংশ লোৱাৰ বাবে
    তেওঁক সতৰ্কবাণীও দিয়া হৈছিল।



     



    এতিয়া এনে অভিযোগ আৰু বিতৰ্কৰ ওচৰত পুষ্পৰাজে মূৰ দোৱাবনে
    নাই সেয়া লক্ষ্যণীয় বিষয় হৈ পৰিছে। ইফালে, পুষ্পাৰ দ্বিতীয় খণ্ড ‘পুষ্পা : দ্য
    ৰুল’ৰ শ্বুটিং শীঘ্ৰেই আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে। কেৱল পুষ্পাই নহয় এতিয়া
    তেওঁ আন ভালেকেইখন ছবিৰ কামত ব্যস্ত হৈ আছে। বেণু শ্ৰীৰাম, কোৰাতালা শিৱা, এ আৰ
    মুৰুগাডোছ. বোয়াপাটি শ্ৰীনু আৰু প্ৰশান্ত নীলৰ ছবিৰ কামৰ বাবে চুক্তিবদ্ধ হৈছে
    আল্লু অৰ্জুন।