ডিজিটেল ডেস্কঃ জনপ্ৰিয় ধাৰাবাহিক 'তাৰক মেহতা কা উলটা চশমা'ৰ প্ৰযোজকগৰাকী আকৌ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। জেনিফাৰ মিস্ত্ৰী বংশিৱালে অনুষ্ঠানটোৰ প্ৰযোজক অসিত মোডীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। জেনিফাৰে কয় , "মই এই অনুষ্ঠানটো এৰিলোঁ। মই ক'বলৈ বাধ্য হৈছো যে এই অনুষ্ঠানটোৰ প্ৰযোজকৰ দ্বাৰা মোক গভীৰভাৱে অপমান কৰা হৈছিল। মোক বাৰে বাৰে অপমানিত কৰা হৈছে। জেনিফাৰৰ মতে, "এই অনুষ্ঠানটোৰ ছেটত পুৰুষতান্ত্ৰিক মনোভাৱ পৰিলক্ষিত হৈছে৷ "
জেনিফাৰে কয় , "মই মোৰ বিবাহ বাৰ্ষিকীৰ বাবে আগতীয়াকৈ বন্ধ বিচাৰিছো। মই তেওঁক বিৰতি দিবলৈ কৈছিলো৷। কিন্তু মোক বিৰতি দিয়া হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, আন অভিনেতাসকলক ছুটি দিয়া হৈছিল।’’জেনিফাৰে প্ৰযোজক মোডীয়ে তেওঁক যৌন নিৰ্যাতন চলোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ অভিনেত্ৰীগৰাকীয়ে প্ৰযোজক মোডীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপা বুলিও জানিব পৰা গৈছে৷
প্ৰযোজক অসিত মোডীয়েও জেনিফাৰৰ অভিযোগৰ বিৰুদ্ধে মাত মাতিছে। তেওঁ কয়, "জেনিফাৰে উত্থাপন কৰা সকলো অভিযোগৰ বাবে আমি তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিম।" মোক বদনাম কৰাৰ এয়া এটা প্ৰয়াস।
Leave A Comment