comScore
  • ৰাহাক লগ পাবৰ বাবে ব্যাকুল হৈ পৰিছে টাইমুৰ! ৰণবীৰ-আলিয়াৰ কন্যাক কেতিয়া লগ পাব কাপুৰ খাণ্ডানে?

    মনোৰঞ্জন
    ৰাহাক লগ পাবৰ বাবে ব্যাকুল হৈ পৰিছে টাইমুৰ! ৰণবীৰ-আলিয়াৰ কন্যাক কেতিয়া লগ পাব কাপুৰ খাণ্ডানে?
    ডিজিটেল ডেস্কঃ ২০২২ চনৰ ৬ নৱেম্বৰত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সংসাৰলৈ আগমন ঘটে এটি কন্যা সন্তানৰ। ৰণবীৰৰ মাতৃ আৰু কন্যা শিশুটিৰ আইতাক অভিনেত্ৰী নীতু কাপুৰে কণমানিজনীৰ নাম ৰাখে ‘ৰাহা’। 

    আলিয়াই কন্যা সন্তানটি জন্ম দিয়া এমাহ হ'ব যদিও এতিয়ালৈকে কাপুৰ পৰিয়ালে নৱজাত শিশুটিক লগ পোৱা নাই। পৰিয়ালটোৰ ঘনিষ্ঠ এক সূত্ৰই প্ৰকাশ কৰিছে যে কৰীণা কাপুৰৰ জ্যেষ্ঠ পুত্ৰ টাইমুৰ আলী খানে কনিষ্ঠ ভগ্নীক চাবৰ বাবে অত্যন্ত ব্যাকুল হৈ পৰিছে। 

    ৰাহা কাপুৰ খাণ্ডানৰ আটাইতকৈ সৰু আৰু সেয়েহে গোটেই পৰিয়ালটোৱে তাইক লগ পাবলৈ যথেষ্ট উৎসাহিত হৈ আছে। পৰিয়ালৰ এজন ঘনিষ্ঠ সদস্যৰ পৰা জানিব পৰা গৈছে যে কৰীনা কাপুৰ খানৰ পুত্ৰ টাইমুৰ আলী খান ৰাহাক লগ পাবলৈ আটাইতকৈ বেছি আগ্ৰহী হৈ আছে। 

    কৰীণাই টাইমুৰক ৰাহাৰ জন্মৰ বিষয়ে অৱগত কৰি পুনৰ ডাঙৰ ভাতৃ হৈ পৰা বুলি কোৱাত টাইমুৰ আনন্দত আত্মহাৰা হৈ পৰিছিল। টাইমুৰে ৰাহাক চাব বিচাৰে আৰু লগতে ৰাহাক কোলাত লৈ খুৱাব বিচাৰে।

    একেটা সূত্ৰৰ পৰাই জানিব পৰা গৈছে যে এতিয়ালৈকে পৰিয়ালৰ কোনো সদস্যই ৰণবীৰ আৰু আলিয়াৰ কন্যাক লগ পোৱা নাই যদিও অতি সোনকালে পৰিয়ালৰ মিলন হ’বলৈ গৈ আছে। জানিব পৰা মতে, ২০২২ চনৰ ৬ ডিচেম্বৰত ৰাহাৰ প্ৰথম মাহৰ জন্মদিনত সমগ্ৰ কাপুৰ বংশ গোট খাই নিজৰ ঘৰৰ কনিষ্ঠ সদস্য ৰাহাক লগ কৰিব।