• গুৱাহাটী ইডি কাৰ্যালয়ত জেৰা অভিনেত্ৰী তামান্না ভাটিয়া

    মনোৰঞ্জন
    গুৱাহাটী ইডি কাৰ্যালয়ত জেৰা অভিনেত্ৰী তামান্না ভাটিয়া
    ডিজিটেল ডেস্ক: অনলাইন জুৱাৰ বিজ্ঞাপন কৰি এতিয়া বিপদৰ মেৰপাকত সোমাল মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া । বৃহস্পতিবাৰে দিনৰ ১:২৫ বজাত ইডিৰ কাৰ্যালয়ত আহি উপস্থিত হয় অভিনেত্ৰীগৰাকী ৷ ঘণ্টা ঘণ্টা ধৰি খ্ৰীষ্টানবস্তিৰ EDৰ কাৰ্যালয়ত জেৰা তামান্নাক। এটা অবৈধ ক্ৰিকেটৰ অনলাইন বিজ্ঞাপনৰ হৈ প্ৰচাৰ চলাইছিল অভিনেত্ৰী তামান্নাই। পূৰ্বেও অনলাইন জুৱাৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী।


    Tamanna Bhatiya: బ్లాక్ లెహంగాలో పిచ్చెక్కిస్తున్న మిల్కీ బ్యూటీ - HITTV

    AS12 BC6327 নম্বৰৰ এখন বাণিজ্যিক বাহনত আহিছে অভিনেত্ৰীগৰাকী ৷ পিতৃ-মাতৃৰ সৈতে আহিছে তেওঁ  গুৱাহাটীলৈ ৷নিশা 9 বজালৈকে ইডিয়ে তেওঁক ধাৰাবাহিক জেৰা চলায় ৷ তেওঁৰ মাতৃক  ইডিৰ কাৰ্যালয়ৰ চৌহদত এখন বাহনত বহি থকা দেখা যায় দীৰ্ঘসময় ধৰি ৷ আৰু তেওঁৰ পিতৃ কাৰ্যালয়ত তেওঁৰ সৈতে উপস্থিত থাকে ৷ ইডিৰ কাৰ্যালয়ৰ পৰা ওলোৱাৰ পিছত পিতৃ-মাতৃসহ অভিনেত্ৰীগৰাকী ৰাওনা হয় হোটেল ৰেডিছন ব্লুলৈ ৷


    विजय के साथ अफेयर की खबरों पर तमन्ना भाटिया ने तोड़ी चुकी, कहा -'मैं शादी  में विश्वास करती हूं और...'.Tamannaah Bhatia broke down on the news of  affair with Vijay

    উল্লেখ্য যে পূৰ্বেও কেইবাবাৰো মহাৰাষ্ট্ৰ ইডিয়ে চমন দিছিল তামান্নাক । কিন্তু ইডিয়ে গুৱাহাটীলে তেওঁক কিয় মাতিলে সেয়া ইডিৰ তৰফৰ পৰা স্পষ্ট নকৰিলেও সন্দেহ কৰা হৈছে যে মহাৰাষ্ট্ৰৰ গোচৰৰ সংক্ৰান্ততে তেওঁক গুৱাহাটীত সোধা-পোছা কৰিছে ইডিয়ে ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত তামান্নাক গুৱাহাটীৰ কাৰ্যালয়লৈ চমন দিয়া হৈছে বুলি সন্দেহ কৰা হৈছে যদিও ই ডিয়ে এই পৰ্যন্ত একো কথাই সদৰী কৰা নাই ৷