• ৫ নবেম্বৰত পুনৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ বলীউডৰ অভিনেত্ৰী তামান্না ভাটীয়াক

    মনোৰঞ্জন
    ৫ নবেম্বৰত পুনৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ বলীউডৰ অভিনেত্ৰী তামান্না ভাটীয়াক
    ডিজিটেল ডেস্ক: ‘বাহুবলী’ৰ দৰে ব্লকবাষ্টাৰ ছবিত অভিনয় কৰা মোহময়ী অভিনেত্ৰী তামান্না ভাটীয়া বৰ্তমান ইডিৰ জেৰাত ৷ বৃহস্পতিবাৰে দিনৰ ১:২৫ বজাত ইডিৰ কাৰ্যালয়ত আহি উপস্থিত হয় অভিনেত্ৰীগৰাকী ৷ ঘণ্টা ঘণ্টা ধৰি খ্ৰীষ্টানবস্তিৰ ইডিৰ কাৰ্যালয়ত জেৰা তামান্নাক। এটা অবৈধ ক্ৰিকেটৰ অনলাইন বিজ্ঞাপনৰ হৈ প্ৰচাৰ চলাইছিল অভিনেত্ৰী তামান্নাই। পূৰ্বেও অনলাইন জুৱাৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী।


    Tamannaah Bhatia Pics: ब्लैक साड़ी में तमन्ना भाटिया ने फ्लॉन्ट किया कर्वी  फिगर, स्टिनिंग लुक कर देगा मदहोश - tamannaah bhatia shares latest pics in  black saree looking killer


    বৃহস্পতিবাৰে আবেলিৰ পৰা নিশা পৰ্যন্ত তামান্নাক জেৰা চলালে ইডিয়ে ৷ ইডিৰ চাৰিটা শাখাৰ তিনিগৰাকী শীৰ্ষ বিষয়াই জেৰা চলাই তামান্নাক ৷ উল্লেখ্য যে, কেইবাবাৰো মহাৰাষ্ট্ৰ ইডিয়ে চমন দিছিল তেওঁক । তামান্না ভাটিয়াক সোধা-পোছা কৰাৰ লগতে তেওঁৰ ভাষ্য লিপিবদ্ধ কৰি যাবলৈ দিয়া হয় ।

    Stree 2 के आइटम में तमन्ना भाटिया की दिलकश अदाएं, बगल में खड़ा ये आदमी है  कौन? - Tamannaah Bhatia item song aaj ki raat from stree 2 out now youtube  shraddha

    ৫ নবেম্বৰত পুনৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ তামান্না ভাটীয়াক ৷ চাইবাৰ চেল, আইটি চেল, ক্ৰাইম চেলে জেৰা কৰিছে অভিনেত্ৰীগৰাকীক ৷ এই জেৰাত ৮ জন হাই প্ৰফাইল লোকৰ নাম লৈছে তামান্নাই ৷ তথ্য অনুসৰি তামান্নাৰ নেতৃত্বত বলিউড আৰু দক্ষিণৰ চেলিব্ৰেটিয়েও বিজ্ঞাপন কৰিছিল মহাদেৱ এপ আৰু ফেয়াৰপ্লে বেটিং এপটোৰ ৷এপটোত ক্ৰিপট্ৰকাৰেঞ্চি আৰু ধন বিনিয়োগ কৰি প্ৰতাৰণাৰ বলি হৈছিল বহু বিনিয়োগকাৰী ৷ এই প্ৰতাৰণাৰ বলি হৈ বহু বিনিয়গকাৰীয়ে নাগালেণ্ডৰ কহিমা থানাত গোচৰ ৰুজু কৰিছিল ৷পৰৱৰ্তি সময়ত গোচৰটোৰ তদন্তৰ দায়িত্ব লয় গুৱাহাটীৰ ইডি কাৰ্যালয়ে আৰু তদন্তত এই এপটো চীনৰ পৰা চলি থকাৰ তথ্য উলিয়াই ইডিয়ে ৷ ২০১৬-১৭ চনৰ পৰা চলি আছিল এই অনলাইন বেটিং এপটো ৷ শেহতীয়াকৈ গুৱাহাটী ইডিৰ সহকাৰী সঞ্চালক ৰাম দীক্ষীতে চমন প্ৰেৰণ কৰিছিল তামান্নাক , সেই চমনৰ ভিত্তিতে বৃহস্পতিবাৰে গুৱাহাটীৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হয় অভিনেত্ৰীগৰাকী ৷

    ইডিৰ জেৰাৰ পাছত মা কামাখ্যা মন্দিৰত উপস্থিত হয় অভিনেত্ৰী তামান্না ভাটিয়া ৷ পিতৃ-মাতৃৰ সৈতে পূজা অৰ্চনা কৰে অভিনেত্ৰীগৰাকীয়ে ।