comScore
  • মুক্তিৰ পূৰ্বেই বিতৰ্কত বিজয় থালাপতিৰ 'লিঅ’', ছবিৰ বিৰুদ্ধে দাখিল কৰা হ’ল এজাহাৰ

    মনোৰঞ্জন
    মুক্তিৰ পূৰ্বেই বিতৰ্কত বিজয় থালাপতিৰ 'লিঅ’', ছবিৰ বিৰুদ্ধে দাখিল কৰা হ’ল এজাহাৰ
    ডিজিটেল ডেস্কঃ দক্ষিণৰ অভিনেতা বিজয়ৰ অভিনয়েৰে নিৰ্মিত  লিঅ’ ছবিখন ২০২৩ চনৰ অন্যতম প্ৰত্যাশিত ছবি।ছবিখনে অক্টোবৰ মাহত মুক্তি পাব আৰু লোকেশ কানাগৰাজৰ পৰিচালনাৰে ছবিখন নিৰ্মাণ কৰা হৈছে। বিজয়ৰ জন্মদিন অৰ্থাৎ ২২ জুনত মুক্তি পালে ছবিখনৰ প্ৰথমটো একক গীত লিঅ’ৰ না ৰেডি। গীতটোৱে মুক্তিৰ পাছতে সমাদৰৰ লগতে বিতৰ্কৰো সূচনা কৰিছে৷ না ৰেডি গীতটোত ড্ৰাগছ সেৱন আৰু হুলস্থুলক উৎসাহিত কৰা বুলি চলচ্চিত্ৰ দলটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কৰ্মী আৰ টি আই ছেলভামে।

    বিজয়ৰ ৪৯ সংখ্যক জন্মদিনত মুক্তি পালে লিঅ’ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ। অনুৰাগীসকল এইটো বিষয়ক লৈ উৎসুক যে লিঅ’ লোকেশ চিনেমেটিক ইউনিভাৰ্ছৰ অংশ নেকি?শেহতীয়াকৈ মুক্তি পোৱা না ৰেডি গীতটোক লৈ থালাপথী বিজয় আৰু লিঅ’ৰ প্ৰযোজকসকল বৰ্তমান বিতৰ্কত সোমাই পৰিছে৷ চেন্নাইৰ কোৰুক্কুপেট্টাইৰ এজন কৰ্মী আৰ টি আই ছেলভামে না ৰেডি ছংত ড্ৰাগছ সেৱন আৰু হিংসাক উৎসাহিত কৰাৰ অভিযোগত বিজয় আৰু লিঅ’ ছবিখনৰ ক্ৰুৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

    ছেলভামে ২৫ জুনত এই বিষয়ত অনলাইন অভিযোগ দিছিল, আৰু ২৬ জুনত তেওঁ পুৱা ১০ বজাত এজাহাৰ দাখিল কৰিছিল।মন কৰিবলগীয়া যে চেন্নাই আৰক্ষীয়ে সমগ্ৰ মহানগৰীতে কেইবাটাও ড্ৰাগছ বিৰোধী অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এই অনুষ্ঠানত উপস্থিত আছিল কাৰ্তি আৰু বিজয় এণ্টনি দুয়োজন অভিনেতা।সেয়ে এই বিষয়টোৱে অধিক আলোচনা আৰু চৰ্চা লাভ কৰিছে৷