ডিজিটেল ডেস্কঃ বিশ্ব প্ৰসিদ্ধ 'টাইটানিক' ছবিৰ নায়িকা ৰোজৰ জীৱন ৰক্ষা কৰা সেই বিশেষ দুৱাৰখন নিলাম কৰা হৈছে। দুৱাৰখন ৭,১৮,৭৫০ ডলাৰত নিলাম কৰা হৈছে। 'টাইটানিক' ছবিখনে বিশ্বজুৰি খলকনি তোলাৰ ২৫ বছৰৰো অধিক কাল হ'ল, কিন্তু আজিও কোনেও ছবি খনৰ কথা পাহৰিব পৰা নাই।
মানুহে এই চিনেমাখন ভালপোৱাৰ বহু কাৰণ আছে। যদি কোনোবাই ইয়াত দেখুওৱা প্ৰেমকাহিনী ভালপায়, কোনোবাই আকৌ জাহাজ খনৰ হৃদয়বিদাৰক সমাপ্তিক লৈ কৌতূহলী। ছবি খনত লিওনাৰ্ডো ডিকেপ্ৰিঅ' আৰু কেট উইন্সলেটৰ প্ৰেম কাহিনীত এখন দুৱাৰে বিশেষ স্থান লাভ কৰিছে। বহুচৰ্চিত দুৱাৰ খনেই জাহাজ খন ডুবি যোৱাৰ পিছত নায়িকা ৰোজৰ প্ৰাণ ৰক্ষা কৰিছিল।
এতিয়া এই দুৱাৰখনেই নিলাম কৰা হৈছে। ৰোজৰ জীৱন ৰক্ষা কৰা দুৱাৰখনৰ শেহতীয়া নিলামত৭১৮,৭৫০ পোৱা গৈছে। ভাৰতীয় হিচাবত এই ধনৰ পৰিমাণ ৫.৮৩ কোটি টকা। ইয়াৰ উপৰিও কেট উইন্সলেটে দ্বাৰা পৰিধান কৰা পোছাক ১,২৫,০০০ ডলাৰত নিলাম কৰা হৈছে।
নিলাম হোৱা দুৱাৰ খন জাহাজখনৰ প্ৰথম শ্ৰেণীৰ লাউঞ্জৰ প্ৰৱেশদ্বাৰৰ ঠিক ওপৰৰ দুৱাৰৰ ফ্ৰেমৰ অংশ আছিল।
Leave A Comment