• উচ্চস্বৰে হাঁহিবলৈয়ে কপিল শৰ্মাৰ শ্ব’ত অৰ্চনা পুৰাণ সিঙে লয় ইমান‌ টকা, কিমান টকা জানি আপুনি হয়তো থতমত খাব

    মনোৰঞ্জন
    উচ্চস্বৰে হাঁহিবলৈয়ে কপিল শৰ্মাৰ শ্ব’ত অৰ্চনা পুৰাণ সিঙে লয় ইমান‌ টকা, কিমান টকা জানি আপুনি হয়তো থতমত খাব
    ডিজিটেল ডেস্ক: 'দ্য কপিল শৰ্মা শ্ব'ৰ এটা ডাঙৰ কমেডী শ্ব'। কপিল শৰ্মাৰ মজা আৰু অৰ্চনা পুৰাণ সিঙৰ হাঁহিয়েই যেন কমেডী শ্ব’টোৰ জীৱন। কপিল শৰ্মাই নিজৰ কৌতুক আৰু ভৰি টানি মানুহক হাঁহিবলৈ বাধ্য কৰায়, আনহাতে অৰ্চনা পুৰাণ সিঙক চকী এখনত বহি কেতিয়াবা হাঁহি থকাই দেখা যায়। কিন্তু কমেডী শ্ব’ত এনেকৈ হাঁহিলে অৰ্চনা পুৰণ সিঙে কিমান মাচুল লয় জানেনে।

    আচলতে এনে লাগে যেন অৰ্চনা পুৰাণ সিঙৰ এই শ্ব’টোত একমাত্ৰ কাম হ'ল চকীত বহি হাঁহি থকা। কিন্তু তেওঁৰ এটা এপিচ’ডৰ মাচুল বহুতৰে বছৰৰ দৰমহাৰ সমান। হয়, খবৰ অনুসৰি দ্য কপিল শৰ্মা শ্ব’ৰ এটা খণ্ডৰ বাবে অৰ্চনা পুৰাণ সিঙে মাছুল হিচাপে প্ৰায় ১০ লাখ টকা লয়। খবৰ অনুসৰি দ্য কপিল শৰ্মা শ্ব’ৰ তৃতীয় ছিজনত অৰ্চনাই ৮ কোটি টকা মাচুল হিচাপে লৈছিল।




    'দ্য কপিল শৰ্মা শ্ব'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কমেডিয়ান কপিল শৰ্মাই। খবৰ অনুসৰি কমেডী শ্ব’টো চম্ভালিলে কপিল শৰ্মাই  ৩০-৩৫ লাখ টকা লয়। আন বহু বাতৰিত কপিলৰ মাচুল প্ৰতিটো খণ্ডত ৫০ লাখ টকা বুলিও উল্লেখ কৰা হৈছে। কেইমিনিটমানৰ ছেগমেণ্টত অভিনয় আৰু কৌতুকেৰে মানুহৰ মন জয় কৰা কিকু শৰ্দাই এটা খণ্ডৰ বাবে ৫ লাখ টকা লয়। অৰ্থাৎ এসপ্তাহত দুটা খণ্ডত ১০ লাখ টকা উপাৰ্জন কৰে।