ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দেশত বিতৰ্কৰ সূচনা কৰা দ্য কেৰালা ষ্ট’ৰী ছবি খন শুকুৰবাৰে মুক্তি দিয়া হ’ব। ছবি খনকলৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে তামিলনাডুত গঢ়ি তোলা হৈছে শক্তিশালী নিৰাপত্তা বেষ্টনী। ঠায়ে ঠায়ে মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনীৰ জোৱান। সুদীপ্ত সেনৰ দ্বাৰা পৰিচালিত আৰু আদা শৰ্মা, যোগিতা বিহানী, ছোনিয়া বালানী আৰু সিদ্ধি ইদনানী আদিয়ে অভিনয় কৰা দ্য কেৰালা ষ্ট'ৰী ছবি খনৰ কাহিনীকলৈ বিতৰ্কৰ সৃষ্টি হৈছে।
ছবি খনত কেৰালাৰ একাংশ মহিলাক বলপূৰ্বক ধৰ্মান্তৰকৰণ কৰি তেওঁলোকক সন্ত্ৰাসবাদী সংগঠন আইছিছত যোগদান কৰা দেখুওৱা হৈছে। প্ৰতিবাদৰ মাজতে কেৰালা ষ্ট'ৰী ছবি খন শুক্ৰবাৰে, ৫ মে'ত চিনেমাগৃহত মুক্তি লাভ কৰিব। । ছবি খনৰ মুক্তিৰ পূৰ্বে তামিলনাডুৰ চোৰাংচোৱা সংস্থাই সতৰ্কবাণী জাৰি কৰিছে যে ছবিখনৰ মুক্তিয়ে অশান্তিৰ সৃষ্টি কৰিব পাৰে। ছবি খনৰ মুক্তি স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন খন ন্যায়ালয়ে উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰে৷ ফলত ইফালে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছবিখনৰ নিৰ্মাতাসকলে ছবি খনত এক ডাঙৰ পৰিৱৰ্তন আনিছে।
ইউটিউবত মুকলি কৰা এটা টিজাৰত ছবিখনৰ পৰিচয়ৰ সম্পৰ্কীয় কিছু কথা সলনি কৰা হৈছে। বিশেষকৈ ছবি খনত দেখুওৱা পীড়িত মহিলাৰ সংখ্যাৰ ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তন অনা হৈছে। এতিয়া নিৰ্মাতাসকলে কৈছে যে ছবি খনত ৩০ হাজাৰ নহয়, ৩ গৰাকী মহিলাৰ কাহিনীহে কোৱা হৈছে।কেৰালাৰ ৩০ হাজাৰৰো অধিক মহিলা-যুৱতী নিৰুদ্দেশ হোৱাৰ পিছত তেওঁলোকে ধৰ্মান্তৰিত হৈছিল আৰু সন্ত্ৰাসবাদী সংগঠন আইছিছত যোগদান কৰিছিল বুলি ছবি খনত দেখুওৱা হ’ব বুলি চৰ্চা চলিছিল৷
ফলত 'দ্য কেৰালা ষ্টৰী' বোলছবিখনক লৈ যথেষ্ট হুলস্থূল হৈছে। এই ছবিখনৰ মুক্তি বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল।কালি মুখ্য ন্যায়াধীশে এই বিষয়টো উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰে। উচ্চতম ন্যায়ালয়ে এই বিষয়ত কৈছিল যে উচ্চ ন্যায়ালয়ে শীঘ্ৰেই এই আবেদনৰ শুনানি ল'ব । ইপিনে কেৰালাৰ এটা ইছলামিক সংস্থাই ছবি খনত দেখুওৱা ধৰণে যদি নিৰুদ্দেশ হোৱা মহিলাসকল আইছিছত যোগদান কৰা বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে তেন্তে তেনে লোকক ১ কোটি টকাৰ পুৰস্কাৰ দিব বুলি ঘোষণা কৰিছে৷ কেৰালা ষ্টেট কমিউনিটি অৱ মুছলিম য়ুথ লীগে কৈছে যে এই পুৰস্কাৰ কেৱল তেওঁলোককহে দিয়া হ'ব যিসকলে ছবিখনত উত্থাপিত 'অভিযোগ' প্ৰমাণ কৰিবলৈ সক্ষম হ’ব৷।
Leave A Comment