Regional
Digital Desk: A massive convoy of over 20 animal ambulances on Guwahati's road created a sharp reaction from animal lovers on Sunday morning. The vehicles were coming from Arunachal to Guwahati to transport
ডিজিটেল ডেস্কঃ হলিউডৰ তাৰকাসকলক যিমানেই গ্লেমাৰে আৱৰি থাকে, সেই অনুপাতে তেওঁলোকে প্ৰচুৰ মানৱীয় সংবেদনশীল অনুভূতিৰো গৰাকী। তাৰ এক উদাহৰণ দাঙি ধৰিছে কেট উইনশ্লেটে।
চেৰিব্ৰাল পালচিত আক্ৰান্ত এগৰাকী কিশোৰীৰ প্ৰাণৰক্ষাৰ বাবে উঠি পৰি লাগিচে টাইটানিকৰ ‘ৰোজ’খ্যাত কেট। দুৰাৰোগ্য ৰোগবিধত আক্ৰন্ত হোৱা ফ্ৰেয়া এজনী বাৰ বছৰ বয়সীয়া কিশোৰী। স্কটলেণ্ডনিবাসী ফ্ৰেয়া বৰ্তমান শয্যশায়ী।
ফ্ৰেয়াক বচাবলৈ লাইফ চাপোৰ্ট যন্ত্ৰৰ সাহাৰ্য লোৱা হৈছে। কিন্তু যন্ত্ৰটোৰ বাবেই বিপুল পৰিমাণৰ বিদ্যুৎ বিল পৰিশোধ কৰিব লগা হৈছে কিশোৰীজনীৰ মাতৃ কেৰ’লিন হাণ্টাৰ।
সংবাদপত্ৰত প্ৰকাশিত বাতৰি অনুযায়ী, এই যন্ত্ৰটো চলোৱাৰ ফলত বছৰি তেওঁলোকে ৬,৫০০ পাউণ্ড টকা খৰচ কৰিব লাগিব। ইয়াৰ পৰিমাণ ভাৰতীয় হিচাপত ৬ লাখ টকাৰো বেছি।
কিন্তু এই পৰিমাণৰ বিদ্যুতৰ মাচুল বহন কৰিবলৈ অক্ষম কেৰ’লিন। যাৰ ফলত সংবাদ মাধ্যমৰ দ্বাৰস্থ হৈ সহায় ভিক্ষা কৰিব ধৰে মাতৃগৰাকীয়ে।
তাৰপাছতে খবৰটো হলিউডৰ তাৰকা কেট উইনশ্লেটৰ চকুত পৰে। এটা বেচৰকাৰী সংস্থাৰ যোগেৰে তেওঁ কিশোৰীগৰাকীৰ মাতৃৰ স’তে যোগাযোগ কৰে।
কেৱল যোগাযোগেই নহয়, কিশোৰীগৰাকীৰ প্ৰাণৰক্ষা কৰিবলৈ ভাৰতীয় মূল্যত মুঠ ১৭ লাখ টকা প্ৰদান কৰে অভিনেত্ৰীগৰাকীয়ে।
কেট উইনশ্লেটৰ এই মহানুভৱতাত উৎফুল্লিত হৈ কিশোৰীগৰাকীৰ মাতৃ কেৰোলিনে কয় যে ভয়-আশংকাৰ মাজেৰে দিন কটাইছিল। কিন্তু কেট উইনশ্লেটৰ দৰে এগৰাকী মানৱদৰদী লোকে এই সহায় কৰাত সুখী তেওঁ।
Leave A Comment