• আৰিয়ান নহয় তেওঁৰ পিতৃহে মোৰ ক্ৰাছ! উৰ্ফি জাভেদে জনালে মনৰ কথা

    মনোৰঞ্জন
    আৰিয়ান নহয় তেওঁৰ পিতৃহে মোৰ ক্ৰাছ! উৰ্ফি জাভেদে জনালে মনৰ কথা
    ডিজিটেল ডেস্কঃ আমাৰ প্ৰায় সকলোৰে জীৱনত কোনোবা নহয় কোনোবা ক্ৰাছ থাকে। কিছুমানৰ কোনো ক্ৰাছ নাথাকে সেয়া বেলেগ কথা কিন্তু বহু মানুহৰে জীৱনত ক্ৰাছ থাকে, যি ক্ৰাছৰ প্ৰতি মানুহে অনামী আকৰ্ষণ অনুভৱ কৰে। 

    ছ’চিয়েল মিডিয়াত অনবৰতে ব্যস্ত হৈ থকা উৰ্ফি জাভেদৰো আছে ক্ৰাছ। জানিবলৈ নিশ্চয় মন গৈছে নহয়নে.. উৰ্ফিৰ ক্ৰাছ কোন? এনে এজন চেলিব্ৰিটিক উৰ্ফিয়ে ক্ৰাছ বুলি অভিহিত কৰিছে যাক প্ৰায় সংখ্যক লোকেই বৰ ভালপায়। সেই বিশেষ ব্যক্তিজন কোন জানো আহক।

    অস্বাভাৱিক-অদ্ভূত সাজসজ্জাৰ বাবে সদায় লাইমলাইটত থাকে উৰ্ফি জাভেদ। ইয়াৰ বাহিৰেও তেওঁ কেতিয়াবা দিয়া অদ্ভুত বক্তব্যবোৰেও চৰ্চা লাভ কৰে। এইবাৰ উৰ্ফীয়ে লাইমলাইটলৈ আহিবলৈ ক’লে নিজৰ ক্ৰাছৰ কথা। হয়, উৰ্ফিৰ ক্ৰাছ আন কোনো নহয়, তেওঁ হৈছে বলীউড বাদশ্বাহ শ্বাহৰুখ খান। ইনষ্টা ষ্ট’ৰীত কিং খানৰ ফটো শ্বেয়াৰ কৰি উৰ্ফীয়ে এই কথা প্ৰকাশ কৰিছে। উৰ্ফি জাভেদে ইনষ্টা ষ্ট’ৰীত লিখিছে যে ''আৰিয়ান খান প্ৰায় মোৰ বয়সৰ কিন্তু তেওঁৰ পিতৃহে মোৰ ক্ৰাছ।'' উৰ্ফীয়ে যি ক’বলগীয়া আছিল ক’লে কিন্তু শ্বাহৰুখ খান বা আৰিয়ানৰ তেওঁৰ পোষ্টটোৰ ওপৰত চকু পৰিছে নে নাই সেই কথা জানিব পৰা হোৱা নাই।