comScore
  • উৰ্ফীৰ বিলৈ! বিচাৰি পোৱা নাই ভাড়াঘৰ; পোচাকৰ বাবেই কোনেও নিদিয়ে ভাড়া

    মনোৰঞ্জন
    উৰ্ফীৰ বিলৈ! বিচাৰি পোৱা নাই ভাড়াঘৰ; পোচাকৰ বাবেই কোনেও নিদিয়ে ভাড়া
    ডিজিটেল ডেস্কঃ উৰ্ফী জাভেদে সদায় নিজৰ অদ্ভুত ফেশ্বনৰ বাবে আৰু কেতিয়াবা নিজৰ বক্তব্যৰ বাবেই ইণ্টাৰনেটত আধিপত্য বিস্তাৰ কৰে। উৰ্ফি জাভেদ আকৌ এবাৰ লাইমলাইটলৈ আহিছে যদিও এইবাৰ কাৰণ বেলেগ। মুম্বাইত ভাড়াঘৰ পোৱাত অসুবিধাৰ সন্মুখীন হৈছে উৰ্ফি জাভেদ। মুম্বাইৰ ঠায়ে ঠায়ে ঘূৰিও পোৱা নাই উৰ্ফীয়ে এটা ভাড়াঘৰ।

    এই কথা উৰ্ফি জাভেদে নিজেই প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে মুম্বাইত ভাড়াঘৰ পাবলৈ মোৰ বৰ অসুবিধা হৈছে, মোক ঘৰ দিবলৈ কোনো সাজু নহয়। ইয়াৰ আঁৰৰ কাৰণ উৰ্ফীয়ে দাঙি ধৰিছে।

    এই টুইটত উৰ্ফী জাভেদে লিখিছে, “মই পিন্ধা কাপোৰৰ বাবে মুছলমান ঘৰৰ মালিকে মোক ঘৰ ভাড়াত দিব নিবিচাৰে, হিন্দু মালিকে মোক ভাড়াত দিব নিবিচাৰে কাৰণ মই মুছলমান। আন কিছুমানে ভাড়া নিদিয়ে কাৰণ মই ভিন্ন মানুহৰ পৰা ভাবুকি পাওঁ, তাৰবাবেই কিছুমান ঘৰৰ মালিকৰ সমস্যা হয়। মুম্বাইত ভাড়াত এপাৰ্টমেণ্ট বিচাৰি পোৱাটো বৰ কঠিন।''

    উৰ্ফীৰ এই সমস্যাক লৈ নানাজনে নানা মন্তব্য দিছে। উল্লেখ্য যে উৰ্ফীয়ে পৰিধান কৰা সাজপাৰৰ বাবে প্ৰায়ে ট্ৰ'লৰ সন্মুখীন হয়।