• পিতৃ হ'বলৈ ওলাইছে নেকি বৰুণ ধাৱন? পত্নীৰ গৰ্ভধাৰণৰ খবৰত এই মন্তব্য অভিনেতাজনে...

    মনোৰঞ্জন
    পিতৃ হ'বলৈ ওলাইছে নেকি বৰুণ ধাৱন? পত্নীৰ গৰ্ভধাৰণৰ খবৰত এই মন্তব্য অভিনেতাজনে...
    ডিজিটেল ডেস্ক: বৰুণ ধাৱনৰ পত্নী নাতাশা দালাল গৰ্ভৱতী, এনে খবৰ বহুদিনৰ পৰা চৰ্চা তথা শিৰোনামাত আছে। এই সন্দৰ্ভত বৰ্তমান অভিনেতাজনে তথ্য দিছে। এই খবৰত কিমান সত্যতা আছে জানক। 

    বৰুণ ধাৱন আৰু নাতাশা দালালৰ পিতৃ-মাতৃ হোৱাৰ খবৰ বৰ্তমান চৰ্চাৰ শিখৰত। ২০২২ চনৰ ২৫ নৱেম্বৰত মুক্তি পাব বৰুণ ধাৱনৰ ছবি ভেড়িয়া। এই ছবিখনত তেওঁৰ সৈতে পৰ্দাত দেখা যাব কৃতি ছাননক। অনুৰাগীসকলে এই ছবিখনৰ ট্ৰেইলাৰটোক বহুত মৰম দিছে, যাৰ বাবে বৰুণ ধাৱনে বহু শুভেচ্ছা লাভ কৰিছে, কিন্তু ইয়াৰ সমান্তৰালভাৱে তেওঁৰ পত্নী নটাছা দলালৰ গৰ্ভধাৰণৰ বাবেও অভিনন্দন লাভ কৰিছে। এতিয়া বৰুণ ধাৱনৰ অনুৰাগী সকলে এই বিষয়ে সত্য জানিবলৈ আগ্ৰহী। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এই বিষয়ত নিজৰ মৌনতা ভংগ কৰিছে। এই বিষয়ে তেওঁ কি কৈছে জানো আহক।

    বৰুণ ধাৱনে ইণ্ডিয়া টুডেক জনাইছে যে নাতাশা  দালাল গৰ্ভৱতী নহয় আৰু এতিয়া তেওঁ আৰু তেওঁৰ পত্নীৰ মাত্ৰ এটি কনমাণি কুকুৰ পোৱালিৰহে অভিভাৱক। ইয়াৰ পাছতে অভিনেতাগৰাকীয়ে আগন্তুক কেইবছৰমানৰ ভিতৰত অভিভাৱক হ’ব পাৰে বুলিও  অৱগত কৰে।

    ইণ্ডিয়া টুডেক জনোৱাৰ সময়ত বৰুণ ধাৱনে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ শৈশৱত তেওঁ কেতিয়াও বিয়া কৰাব বিচৰা নাছিল আৰু তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ কেতিয়াবা সচাকৈয়ে তেনেকুৱা কৰিব। তেওঁ আৰু কয় যে যেতিয়া তেওঁ পত্নী নাতাশা দালালক লগ পাইছিল, তেতিয়া তেওঁ অনুভৱ কৰিছিল যে যিকোনো পৰিস্থিতিত তেওঁক বুজিব পৰা কোনোবা এজন আছে আৰু তেওঁৰ বাবে বিবাহৰ অৰ্থ আছিল বুজাবুজি।