comScore
  • নিজ পুত্ৰৰ দ্বাৰাই হত্যাৰ বলি হ’ল মুম্বাইৰ এইগৰাকী বৰ্ষীয়ান অভিনেত্ৰী! হত্যা কৰি হাবিত মৃতদেহ পেলাই থৈ আহিল পুত্ৰই

    মনোৰঞ্জন
    নিজ পুত্ৰৰ দ্বাৰাই হত্যাৰ বলি হ’ল মুম্বাইৰ এইগৰাকী বৰ্ষীয়ান অভিনেত্ৰী!  হত্যা কৰি হাবিত মৃতদেহ পেলাই থৈ আহিল পুত্ৰই
    ডিজিটেল ডেস্কঃ নিজৰ পুত্ৰৰ দ্বাৰাই হত্যাৰ বলি হ’ল হিন্দী টেলিভিছনৰ বৰ্ষীয়ান অভিনেত্ৰী  বীণা কাপুৰ। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, সম্পত্তিজনিত কাৰণতে অভিনেত্ৰীগৰাকীৰ পুত্ৰই তেওঁক বেচবলৰ বেটেৰে মূৰত কোবাই হত্যা কৰে।

    সমগ্ৰ ঘটনাটোৱে বিনোদন জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বীণা কাপুৰৰ মুম্বাইৰ জুহুস্থিত বাসভৱনতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে.

    উল্লেখ্য যে বহুকেইখন হিন্দী ধাৰাবাহিকত অভিনয় কৰিছিল ৭৪ বৰ্ষীয়া বীণা কাপুৰে। তেওঁৰ মৃত্যু সম্পৰ্কত যাৱতীয় তথ্যসমূহ মুকলি কৰিছে সহ- অভিনেত্ৰী নীলু কোহলীয়ে।

    ইতিমধ্যে আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ পুত্ৰ শচীন কাপুৰ আৰু ঘৰৰ এগৰাকী কৰ্মীক গ্ৰেপ্তাৰ কৰিছে। অভিনেত্ৰীগৰাকীৰ হত্যাকাৰী পুত্ৰইও সমগ্ৰ ঘটনাৰ বিষয়ে স্বীকাৰোক্তি প্ৰদান কৰিছে।

    জানিব পৰা মতে, অভিনেতাগৰাকীৰ দুজন পুত্ৰ। ডাঙৰজন পুত্ৰ থাকে আমেৰিকাত। সৰুপুত্ৰই মাকৰ লগতে আছিল। কিন্তু ১২ কোটি টকা মূল্যৰ এটুকুৰা মাটিক লৈ মাকৰ স’তে সংঘাতত লিপ্ত হয় সৰুপুত্ৰ শচীন কাপুৰ। উত্তেজনাৰ বশৱৰ্তী হৈ মাকক হত্যা কৰে তেওঁ। তাৰপাছতে মুম্বাইৰ পৰা ৯০ কিলোমিটাৰ দূৰৈৰ জংঘলত মাকৰ মৃতদেহ পেলাই থৈ আহে।