• বিকি কৌশলৰ নজৰ নালাগিবলৈ ঘৰৰ বনকৰা মহিলাই কৰিলে বিশেষ নিয়ম

    মনোৰঞ্জন
    বিকি কৌশলৰ নজৰ নালাগিবলৈ ঘৰৰ বনকৰা মহিলাই কৰিলে বিশেষ নিয়ম
    ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছবিগৃহত মুক্তি পালে বলীউড অভিনেতা বিকি কৌশল (Vicky Kaushal)ৰ ছবি 'ছাৱা'। তেওঁৰ এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। ২০২৫ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে বিকি কৌশলৰ ছাৱা ছবিখন। 

    ছাৱাৰ প্ৰতি লাভ কৰা প্ৰেমৰ মাজতে বিকি কৌশলে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছে। এই ভিডিঅ'টোত বিকি কৌশলৰ ঘৰৰ বনকৰা মহিলাগৰাকীয়ে এক বিশেষ নিয়ম কৰা দেখিবলৈ পোৱা গৈছে। 

    এই ভিডিঅ'টো পোষ্ট কৰাৰ সমান্তৰালকৈ বিকি কৌশলে তেওঁৰ আশা টাই (বনকৰা মহিলা)ৰ বাবেও এটা আৱেগিক পোষ্ট লিখিছে। বিকি কৌশলে লিখিছে - "আশা টাইয়ে মোক সৰুৰে পৰা ডাঙৰ হোৱা দেখিছে আৰু জীৱনত আগুৱাই যোৱা দেখিছে। কালি তেওঁ ছাৱা চালে আৰু মোক নজৰৰ পৰা আঁতৰাই ৰাখিবলৈ জোৰ দিলে। এয়া তেওঁৰ মোৰ প্ৰতি মৰম প্ৰকাশ আৰু মোক সুৰক্ষা দিয়াৰ ধৰণ। মই তেওঁক মোৰ জীৱনত পাই অতি সুখী।"


    বিকি কৌশলৰ এই ভিডিঅ'টোক লৈ অনুৰাগীসকলে মন্তব্য প্ৰকাশ কৰিছে। অনুৰাগীসকলে কমেণ্ট ছেকচনত লিখিছে যে বিকি কৌশলৰ ওপৰত কাৰো নজৰ লাগিব নালাগে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে- "ছাৰ, আপুনি এই মৰমৰ যোগ্য।" একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে – "আমাৰ সিংহক কোনেও নজৰ নলগাব।" তৃতীয় এজন ব্যৱহাৰকাৰীয়ে লিখিছে – "মৰম গ্ৰহণ কৰি যাওক ছাৰ, আৰু বহুত কিবাকিবি পাবলৈ আছে।"

    উল্লেখ্য যে বিকি কৌশলে ছবিখনত মাৰাঠা সম্ৰাট ছত্ৰপতি সম্ভাজী মহাৰাজৰ চৰিত্ৰত অভিনয় কৰিছে। ছত্ৰপতি শিৱাজীৰ পুত্ৰ আছিল সম্ভাজী।  এই ছবিখনত অক্ষয় খান্নাই ঔৰংজেবৰ চৰিত্ৰত অভিনয় কৰিছে। বিকি কৌশলৰ ছবিখন চাই অনুৰাগীসকল অতি আৱেগিক হৈ পৰিছে। 
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorjudi baccarat onlineagen mix parlaysv388sabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino online