• জাহ্নৱী কাপুৰৰ বয়ফ্ৰেণ্ড অৰ্হানৰ স’তে উদ্দাম পাৰ্টিত মচগুল হৈ পৰিল শচীনকন্যা ছাৰা! ফটোসমূহে সামাজিক মাধ্যমত সৃষ্টি কৰিছে ধুমুহাৰ

    মনোৰঞ্জন
    জাহ্নৱী কাপুৰৰ বয়ফ্ৰেণ্ড অৰ্হানৰ স’তে উদ্দাম পাৰ্টিত মচগুল হৈ পৰিল শচীনকন্যা ছাৰা! ফটোসমূহে সামাজিক মাধ্যমত সৃষ্টি কৰিছে ধুমুহাৰ
    ডিজিটেল ডেস্কঃ জাহ্নৱী কাপুৰৰ বয়ফ্ৰেণ্ড অৰ্হান আৱতৰমনিৰ স’তে লণ্ডনত উদ্দাম পাৰ্টি কৰিলে শচীনকন্যা ছাৰা টেণ্ডুলকাৰে। উচ্চ শিক্ষাৰ সূত্ৰে ছাৰা বৰ্তমান লণ্ডনত আছে। লণ্ডনত ছাৰাই চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰি আছে। সেয়ে আজৰি সময়ত ছাৰাই অৰ্হানৰ স’তে পাৰ্টিত যোগ দিয়ে।

    উল্লেখ্য যে বলিউডৰ কেইবাজনো তাৰকাৰ সন্তানসকলৰ প্ৰিয় বন্ধু হিচাপে অৰ্হানক জনা যায়। তেওঁলোকক প্ৰায়ে পাৰ্টি কৰি থকা অৱস্থাত দেখা যায়। অজয় দেৱগণৰ কন্যা ন্যাছাৰ স’তেও আছে তেওঁৰ অন্তৰংগতা। জাহ্নৱী কাপুৰক অৰ্হানৰ গাৰ্লফ্ৰেণ্ড হিচাপে জনা যায়।

    আনহাতে, শচীনকন্যা ছাৰাৰো আছে সামাজিক মাধ্যমত তুমূল জনপ্ৰিয়তা। ছাৰাৰ হাঁহিয়ে অনুৰাগীসকলৰ হৃদয়ত বাস কৰে। ক্ৰিকেটাৰ শুবমান গীলৰ স’তে ৰোমাণ্টিক সম্পৰ্ক আছিল ছাৰাৰ। এতিয়া অৰ্হানৰ স’তে পাৰ্টিত তোলা ফটোসমূহে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে।