ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা পাঁচ বছৰ ধৰি সফল দম্পতী হিচাবে সকলোৰে মাজত পৰিচিত।তেওঁলোকৰ সম্পৰ্ক দিনক দিনে শক্তিশালী হৈ উঠিছে। ইভেণ্ট পাৰ্টিৰ পৰা ৰেড কাৰ্পেটলৈকে সকলো বিৰাট-অনুষ্কাই ইজনে সিজনৰ হাতত ধৰি খোজ দিছে। বিয়াৰ পিছৰে পৰাঅনুষ্কাই ছবিত অভিনয় কৰা কমাই দিছে।
এগৰাকী ভাল অভিনেত্ৰী হোৱাৰ উপৰি অনুষ্কাৰ আছে নৃত্যৰ দক্ষতা। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰথম ছবি 'ৰব নে বানা দি জোড়ী'ত তেওঁৰ নৃত্য প্ৰতিভাক উজাৰি দিবলৈ সক্ষম হৈছে। নৃত্যৰ ক্ষেত্ৰত অনুষ্কা তেওঁৰ স্বামী বিৰাট কোহলীতকৈ ভাল। কোহলীয়েও নাচিব পাৰে, কিন্তু চৰ্তসাপেক্ষেহে। এটা কাম কৰিলেহে তেওঁ ভালদৰে নাচিব পাৰে।
শেহতীয়াকৈ,বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাক এটা অনুষ্ঠানত দেখা গৈছিল। তেওঁক স্বামী কোহলীৰ বিষয়ে সোধা হৈছিল। বিৰাট-অনুষ্কাই ধেমেলীয়া সুৰত কৈছিল-বিৰাটে পেটত দুপেগ মদ পৰিলেহে নাচিব পাৰে। তেওঁলোকক সোধা হৈছিল নৃত্যত কোন অধিক দক্ষ? অনুষ্কাই বিৰাটক পোনপটীয়াকৈ দেখুৱা দি কৈছিল-বিৰাট।
অনুষ্কাই কৈছিল, "বিৰাটে গোটেই মজিয়াখন জোকাৰিব দিব পাৰে। যদিহে পেটত দুপেগ মদ পৰে।’’ পত্নীৰ কথাক সম্পূৰ্ণ সমৰ্থন নকৰাকৈ তেওঁ ক'লে, "হয়, মই নাচিব পাৰো, কিন্তু দুপেগ সুৰা পান কৰাৰ পিছত, তেতিয়া মই নাভাবো যে মোৰ চাৰিওফালে কোন আছে।" , বিৰাটে লগতে কয় যে তেওঁ এতিয়া সুৰাপান সম্পূৰ্ণৰূপে এৰি দিছে।কোহলীয়ে বাৰে বাৰে স্বীকাৰ কৰি আহিছে যে বিবাহৰ পিছৰে পৰা অনুষ্কাই তেওঁৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আনিছে। তেওঁ লগতে কয় যে অনুষ্কাৰ আগমনৰ পিছত তেওঁ পুনৰ নতুনকৈ হাস্যৰসৰ অনুভূতি ঘূৰাই পাইছে।
Leave A Comment