• ‘কাশ্মীৰ ফাইলছ’ৰ বিপুল সফলতাৰ পাছত মুম্বাইত ১৭ কোটি টকাৰ ফ্লেট কিনিলে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে

    মনোৰঞ্জন
    ‘কাশ্মীৰ ফাইলছ’ৰ বিপুল সফলতাৰ পাছত মুম্বাইত ১৭ কোটি টকাৰ ফ্লেট কিনিলে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে
    ডিজিটেল ডেস্কঃ ‘কাশ্মীৰ ফাইলছ’ৰ বিশাল সফলতাৰ পাছত মুম্বাইৰ এটা বিলাসবহুল স্থানত ফ্লেট কিনিলে ছৱিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। এটা আবাসস্থানৰ ৩০ মহলাত থকা এই ফ্লেটটো প্ৰায় ১৭ কোটি টকাত ক্ৰয় কৰিছে অগ্নিহোত্ৰীয়ে। ইতিমধ্যে ক্ৰয়ৰ সকলো ব্যৱস্থা হৈ গৈছে বুলি জানিব পৰা গৈছে।

    উল্লেখ্য যে চলিত বৰ্ষৰ ১১ মাৰ্চত ‘দা কাশ্মীৰ ফাইলছ’ ছৱিখনে মুক্তি লাভ কৰিছিল। দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছিল ছৱিখনক লৈ। ছৱিখনৰ বিষয়বস্তু আছিল কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশা।

    ছৱিখনক লৈ তীব্ৰ বিতৰ্ক হৈছিল। বক্স অফিচতো ব্যাপক সমাদৰ লাভ কৰিছিল কাশ্মীৰ ফাইলছে। বিশ্বজুৰি প্ৰায় ৩২০ কোটি টকাৰ ব্যৱসায় কৰিছে ছৱিখনে।

    ছৱিৰ সফলতাৰ পাছতে এইদৰে মুম্বাইৰ ভাৰচোভা ফ্লেট কিনিছে পৰিচালকগৰাকীয়ে। আটাইতকৈ লক্ষ্যণীয় কথা হ’ল যে এই আবাসস্থানৰ ৩১ মহলাৰ ফ্লেটত থাকে বলিউডৰ বিগবি অমিতাভ বচ্ছন। এতিয়া বচ্ছনৰ প্ৰতিবেশী হ’বলৈ উলাইছে বিবেক অগ্নিহোত্ৰী।