• 'তুমি কেতিয়া নিজৰ দেশলৈ উভতি যাবা ?' অনাকাংক্ষিত প্ৰশ্নত চমকি উঠিছিল 'অনেক'ৰ নগা অভিনেত্ৰী এণ্ড্ৰিয়া কেভিচুছা

    মনোৰঞ্জন
    'তুমি কেতিয়া নিজৰ দেশলৈ উভতি যাবা ?' অনাকাংক্ষিত প্ৰশ্নত চমকি উঠিছিল 'অনেক'ৰ নগা অভিনেত্ৰী এণ্ড্ৰিয়া কেভিচুছা
    ডিজিটেল ডেস্কঃ 'তুমি কেতিয়া নিজৰ দেশলৈ উভতি যাবা ?' এই প্ৰশ্নৰ বাবে যেন সাজু নাছিল শেহতীয়াকৈ দেশত প্ৰচুৰ সমাদৰ লাভ কৰা চলচ্চিত্ৰ নিৰ্মাতা অনুভৱ সিনহাৰ মনোৰঞ্জনধৰ্মী ছবি 'অনেক'ৰ নগালেণ্ডৰ অভিনেত্ৰী এণ্ড্ৰিয়া কেভিচুছা। সেয়ে তেওঁ আচৰিত হৈছিল। দেশৰ বহু লোকেই এতিয়াও নগালেণ্ডেই নহয়, উত্তৰ-পূবৰ ৰাজ্যসমূহক ভাৰতৰ বাহিৰে কোনো স্থান বুলি ভাবে। সেইবাবে এণ্ড্ৰিয়া কেভিচুছা সন্মুখীন হৈছিল এনে প্ৰশ্নৰ।

    চলচ্চিত্ৰ নিৰ্মাতা অনুভৱ সিনহাৰ মনোৰঞ্জনধৰ্মী ছবি 'অনেক' এতিয়া দেশৰ ছবিঘৰ সমূহত চলি আছে । উত্তৰ-পূবৰ বিশেষ পটভূমিত নিৰ্মিত ছবি খনৰ এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে নগালেণ্ডৰ মডেল তথা ধ্ৰুপদী নৃত্যৰ শিল্পী এণ্ড্ৰিয়া কেভিচুছাই। এগৰাকী বক্সাৰ চৰিত্ৰত অভিনয় কৰা এণ্ড্ৰিয়া কেভিচুছাৰ এয়া ছবিৰ জগতত প্ৰথম খোজ। জীৱনৰ প্ৰথম খন ছবিতে নিজৰ প্ৰতিভা উজাৰি দিবলৈ সক্ষম হৈছে এণ্ড্ৰিয়াই। 

    'এনেক' এখন  ৰাজনৈতিক একচন থ্ৰিলাৰ । চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন মনোমোহা স্থানত কৰা হৈছে।
    অভিনেতা আয়ুষ্মান খুৰানাই অভিনয় কৰা ছবিখনে ইতিমধ্যে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে।

    ছবি খনত  আয়ুষ্মানক এজন  আৰক্ষী বিষয়াৰ  চৰিত্ৰত অভিনয় কৰিছে। তেওঁ  ভাৰতৰ উত্তৰ-পূব অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ অভিযানত জঁপিয়াই পৰিছে। চলচ্চিত্ৰখনত, এণ্ড্ৰিয়াক আইডো নামৰ এজন বক্সাৰৰ চৰিত্ৰত দেখা গৈছে। ছবি খনত অভিনয় কৰি স্বাভাৱিকতে আনন্দিত হৈ পৰিছে এণ্ড্ৰিয়া। কিন্তু নগালেণ্ডক এতিয়াও বহুতে কোনো বিদেশৰ ৰাষ্ট্ৰ বুলি ভবা কথাই তেওঁৰ দুখো দিছে। ১৬ বছৰ বয়সতে মডেলিঙৰ জগতত ভৰি দিয়া এণ্ড্ৰিয়া কেভিচুছাই এতিয়া বলীউডৰ ছবিতো নিজৰ বাবে ঠাই এটুকুৰা উলিয়াই লবলৈ সক্ষম হৈছে, উত্তৰ-পূবক মানুহৰ মাজলৈ উলিয়াই নিবলৈ সক্ষম হৈছে। তাতেই তেওঁৰ সুখ।

    কিন্তু তাৰ মাজতো এনে কেতবোৰ প্ৰশ্নই তেওঁক দুখো দিছে। শেহতীয়াকৈ  এক  সাক্ষাৎকাৰত এণ্ড্ৰিয়াই এটা ঘটনাৰ কথা মনত পেলাই কৈছে ' নাগালেণ্ড ভাৰতৰ অংশ বুলি নজনা কোনোবাই তেওঁক সুধিছিল,  তেওঁ কেতিয়া নিজৰ দেশলৈ উভতি যাবা ?এণ্ড্ৰিয়াই কৈছে, "তেতিয়া মোৰ বয়স সম্ভৱতঃ প্ৰায় ১৬ বছৰ আছিল আৰু মোৰ মনত আছে যে মই মেকআপ শিল্পীজনক কৈছিলো যে মোৰ নাগালেণ্ডলৈ বিমান আছে আৰু মই ঘৰলৈ উভতি যাবলৈ উদগ্ৰীৱ হৈ আছোঁ ।কাৰণ মই মোৰ মা-দেউতাক চাব বিচাৰো ।তেতিয়াই তেওঁ মোক সুধিছিল মই মোৰ নিজৰ দেশলৈ কেতিয়া উভতি যাম বুলি। মই সঁচাকৈয়ে আচৰিত হৈছিলোঁ ,কাৰণ তেওঁ সঁচাকৈয়ে নাজানিছিল যে নাগালেণ্ড ভাৰতৰে এটা অংশ।"

    এণ্ড্ৰিয়া কেভিচুছাই  কয় যে এই পৰিস্থিতিৰ সলনি হোৱাটো প্ৰয়োজনীয় কথা হৈ পৰিছে। নাগালেণ্ড আৰু উত্তৰ-পূবৰ লোকসকলক তেওঁ দেশৰ আন প্ৰান্তৰ লোকে সমদৃষ্টিৰে চোৱাটো বিচাৰিছে।