• ৬০ বছৰ বয়সতো আপোনাক ৩০ বছৰৰ দৰে দেখা যাব! এই ৪টা অভ্যাসে আপোনাৰ বয়স কমাই ৰাখিব

    স্বাস্থ্য
    ৬০ বছৰ বয়সতো আপোনাক ৩০ বছৰৰ দৰে দেখা যাব! এই ৪টা অভ্যাসে আপোনাৰ বয়স কমাই ৰাখিব
    ডিজিটেল ডেস্কঃ প্ৰতিজন ব্যক্তিয়ে সুন্দৰকৈ থাকিব বিচাৰে। মানুহে সদায় যুৱ হৈ থাকিব বিচাৰে। কোনোবা বয়সীয়াল হ’লে তেওঁৰ ডেকা দিনবোৰৰ কথা সদায় মনত পৰে। বহু সময়ত মানুহ এজনৰ ভাল অভ্যাসেই  ডেকা কৰি ৰাখে। গতিকে ৬০ বছৰ বয়সতো যদি আপুনি ৩০ বছৰৰ দৰে দেখাটো বিচাৰে তেন্তে আজিৰ পৰা কিছু ভাল অভ্যাস গ্ৰহণ কৰক।


    ১) পৰ্যাপ্ত পৰিমাণে শুব লাগেঃ  প্ৰথম কথা, যদি আপুনি যুৱ হৈ থাকিব বিচাৰে তেন্তে সম্পূৰ্ণৰূপে আপোনাৰ টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। নিজৰ টোপনিৰ সম্পূৰ্ণ যত্ন লওক আৰু শৰীৰক পৰ্যাপ্ত বিশ্ৰাম দিবলৈ চেষ্টা কৰক।


     ২) সুষম আহাৰঃ  এজন ব্যক্তিয়ে সদায় সুষম আহাৰ  নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। আচলতে নিজকে সৰু কৰি ৰাখিবলৈ ভাল খাদ্যাভ্যাসো অতি প্ৰয়োজনীয়। গতিকে সতেজ ফলমূল আৰু শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। বেছিকৈ মাংস খোৱাৰ পৰা বিৰত থাকিব লাগে। যদি আপুনি কেৱল শাক-পাচলি খায় তেন্তে অত্যধিক ভজা খাদ্য আপোনাৰ বাবে ভাল নহয়।


    ৩) দৈনিক শাৰীৰিক ক্ৰিয়া-কলাপৰ প্ৰয়োজনঃ নিজকে ফিট কৰি ৰাখিবলৈ আপোনাৰ মানসিক স্বাস্থ্যও অতি গুৰুত্বপূৰ্ণ। গতিকে দৈনিক ব্যায়াম বা ধ্যান কৰাৰ অভ্যাস গঢ়ি তুলক। শাৰীৰিক ক্ৰিয়া-কলাপ কৰিলে আপুনি সদায় ফিট হৈ থাকিব আৰু বয়স বৃদ্ধিৰ লগে লগে নিজকে ডেকা অনুভৱ কৰিব।


    ৪) মদ আৰু চিগাৰেট ত্যাগ কৰকঃ  যদি আপুনি মদ বা চিগাৰেট খায়  তেন্তে এৰি দিয়ক। এই অভ্যাসবোৰে বয়সৰ আগতেই বুঢ়া কৰি তোলে। গতিকে এনেধৰণৰ বেয়া অভ্যাসৰ পৰা আঁতৰি থাকিলে আপোনাক ফিট কৰি ৰখাত সদায় সহায়ক হয়। যদি আপুনি এই অভ্যাসবোৰ আকোৱালি লয় তেন্তে ই আপোনাক বয়সৰ আগতেই মৃত্যুৰ মুখলৈও লৈ যাব পাৰে।