• বাৰে বাৰে পেট ফুলাৰ সমস্যাত ভুগিছে নেকি? এনে সমস্যাৰ পৰা মুক্তি পাবলৈ গ্ৰহণ কৰক এইসমূহ বিশেষ ব্যৱস্থা

    স্বাস্থ্য
    বাৰে বাৰে পেট ফুলাৰ সমস্যাত ভুগিছে নেকি? এনে সমস্যাৰ পৰা মুক্তি পাবলৈ গ্ৰহণ কৰক এইসমূহ বিশেষ ব্যৱস্থা
    ডিজিটেল ডেস্ক: যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে হজম শক্তিক ভাল অৱস্থাত ৰাখিব লাগিব। পেটৰ সমস্যাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, যদি কাৰোবাৰ খাদ্য খোৱাৰ পাছত পেট ফুলাৰ সমস্যা হয়, তেন্তে তেওঁৰ বাবে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাটো কঠিন হ’ব। সাধাৰণতে আমি যেতিয়া তেলীয়া আৰু জাংক ফুড খাওঁ তেতিয়া পাচনতন্ত্ৰ বিশৃংখল হৈ পৰিব পাৰে আৰু আপুনি পেট ফুলাৰ বলি হ’ব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

    পেট ফুলাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি

    ১)দৈ খাব লাগে
    দৈক অতি স্বাস্থ্যকৰ খাদ্য বুলি গণ্য কৰা হয়, ইয়াৰ পাচন গুণ আৰু ভাল বেক্টেৰিয়া থাকে যিয়ে খাদ্য হজমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি পেট ফুলাৰ ফলত অসুবিধা হয়, তেন্তে দৈত জিৰা দি খাব।

    ২) আদা খাব
    গেছৰ সমস্যাটো পেট ফুলাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ব পাৰে, ইয়াৰ পৰা মুক্তি পাবলৈ আপুনি আদা খাব লাগে। ইয়াৰ বাবে কেঁচা আদা চোবাই খাব পাৰে। যদি এই পদ্ধতিটো ভাল নাপায় তেন্তে আদা কাটি এগিলাচ পানীৰে উতলাই পানী ফিল্টাৰ কৰি খালে পেট পৰিষ্কাৰ হৈ যাব।

    ৩) অমিতা খাব
    অমিতা পেটৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, ইয়াত পেপেইন নামৰ যৌগ এটা পোৱা যায়, যিয়ে হজম শক্তি উন্নত কৰে আৰু লগতে পেট ফুলাৰ সমস্যাও দূৰ কৰে। নিয়মিতভাৱে সেৱন কৰক।

    ৪) চফৰ পানী খাব লাগে
    চফক সাধাৰণতে  মুখ সতেজ কৰি ৰাখিবলৈ  ব্যৱহাৰ কৰা হয় যদিও পেটৰ সমস্যাৰ বাবেও ই এক ঔষধ। ইয়াৰ বাবে চফ চোবাই খাব পাৰে, বা চফ এচামুচ এগিলাচ পানীত তিয়াই ৰাতিপুৱা ফিল্টাৰ কৰাৰ পাছত সেৱন কৰিব পাৰে। এনে কৰিলে পেট ফুলাৰ পৰা সকাহ পাব।