• জলকীয়া স্পৰ্শ কৰা হাত ভুলতে চকুত লাগিলে হয় অত্যন্ত জ্বলন! এনেদৰে দূৰ কৰক সমস্যা

    স্বাস্থ্য
    জলকীয়া স্পৰ্শ কৰা হাত ভুলতে চকুত লাগিলে হয় অত্যন্ত জ্বলন! এনেদৰে দূৰ কৰক সমস্যা
    ডিজিটেল ডেস্কঃ বহু সময়ত জলকীয়া স্পৰ্শ কৰা হাতখন ভুলতে চকুত লাগে। এনে সময়ত চকুত অতি জ্বলন অনুভৱ হয়। এনেকুৱা হলে মানুহে অতি কষ্ট অনুভৱ কৰে। কাৰণ তেতিয়া চকু দুটা ৰঙা হৈ পৰে আৰু তাৰ পিছত তাৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰে। কেতিয়াবা যদি আপোনাৰো এনেকুৱা হয় তেন্তে একেবাৰেই আতংকিত নহ’ব। কিছুমান ঘৰুৱা উপায়েৰে এই সমস্যা অতি সহজে দূৰ কৰিব পাৰি।

    ১) ঠাণ্ডা পানীৰে ধুবঃ  যেতিয়াই এনে পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াই প্ৰথমে ৱাছ বেচিনৰ ফালে দৌৰিব লাগে আৰু হেণ্ড চাবোন বা হেণ্ড ৱাছ লিকুইডেৰে ভালদৰে হাত ধুব লাগে। ইয়াৰ পাছত চকুত ঠাণ্ডা পানী ছটিয়াই দিব। এনে কৰিলে জ্বলা-পোৰাৰ পৰা সোনকালে সকাহ পোৱা যায়।

    ২) কাপোৰেৰে ফুঁৱাই দিবঃ কেতিয়াবা চকুৰ জ্বলা-পোৰাটো বৰ প্ৰবল হয়, এনে অৱস্থাত কেৱল পানীৰে চকু ধোৱাই যথেষ্ট নহয়। কপাহী কাপোৰ বা পৰিষ্কাৰ টাৱেল এখন লৈ মুখেৰে ফুৱাই গৰম কৰি তাৰ পিছত আক্ৰান্ত ঠাইত লগাব। এই প্ৰক্ৰিয়াটো বাৰে বাৰে পুনৰাবৃত্তি কৰিলে জ্বলা-পোৰাটো নোহোৱা হৈ যাব।

    ৩) গাখীৰেৰে ধুবঃ গাখীৰৰ সহায় ল’লে চকুত হোৱা জ্বলা-পোৰা দূৰ কৰিব পাৰি। আপুনি কপাহ গাখীৰত ডুবাই দিয়ক, তাৰ পিছত চকুত লগাওক। এই প্ৰক্ৰিয়াটো বহুবাৰ পুনৰাবৃত্তি কৰি থাকিব। অৱশেষত চকু দুটা পৰিষ্কাৰ পানীৰে ধুব।

    ৪) ঘিউৰ সহায় লওকঃ ঘিউৰ সহায়ত চকুৰ জ্বলা-পোৰা সহজে দূৰ কৰিব পাৰি। ইয়াৰ বাবে প্ৰথমে এটুকুৰা কপাহত কেইটোপালমান ঘিউ আৰু ঠাণ্ডা পানী প্ৰয়োগ কৰি আক্ৰান্ত চকুত কিছু সময় ৰাখিব লাগে। এই সমস্যাৰ পৰা আপুনি সোনকালে সকাহ পাব।