ডিজিটেল ডেস্কঃ কণী বহু লোকৰেই প্ৰিয় খাদ্য। কণীয়ে দেহত নানান ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ দূৰ কৰাৰ লগতে নানান ৰোগৰ পৰা মুক্ত কৰি ৰখাত সহায় কৰে৷ কণী হৈছে প্ৰ’টিনৰ প্ৰধান উৎস। কণীৰ বগা অংশ ভিটামিন বি-ৰে সমৃদ্ধ আৰু ই কলেষ্টৰেল মুক্ত। কণীৰ বগা অংশটোত থাকে এলবুমিন৷ ই আমাৰ লিভাৰৰ বাবে অতি প্ৰয়োজনীয় উপাদান৷
কণীৰ বগা অংশ খালে মানুহে এনেবোৰ সমস্যাৰ পৰা বহু পৰিমাণে মুক্ত হৈ থাকিব পাৰিব৷ জানো আহকচোন কণীৰ বগা অংশৰ গুণ কিমান
কণীৰ বগা অংশত প্ৰচুৰ কেলচিয়াম থাকে। কেলচিয়ামে হাড় শক্তিশালী তথা মজবুত কৰাত সহায় কৰে। কণীৰ এই বগা অংশই হাড়ৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে।
কণীৰ বগা অংশত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিয়ে ৰক্ত সঞ্চালন বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি ইয়াত পটাছিয়াম থাকে৷ ই হৃৎপিণ্ডক সুস্থ ৰখাটো সহায় কৰে।
উচ্চ ৰক্তচাপ থাকিলে কণীৰ বগা অংশ খাব পাৰে। কিয়নো ইয়াৰ প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যিটো ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।
কণীৰ বগা অংশ খালে শৰীৰত আইৰণৰ প্ৰয়োজনো পূৰণ হয়। মূৰ ঘুৰোৱা বা ক্লান্তি অনুভৱ কৰিলে দিনে এটাকৈ কণী খাবলৈ খাদ্য বিশেষজ্ঞসকলে পৰমাৰ্শ দি আহিছে। কণীত থকা মেগনাছিয়াম আৰু মেংগানিজে ক্লান্তি দূৰ কৰাত সহায় কৰে৷
কণীৰ বগা অংশই শৰীৰৰ পেশীসমূহ মজবুত কৰি তোলাত সহায় কৰে।
কণীৰ বগা অংশই ছাল কোঁচ খাই পৰা, ছালৰ তেলেতীয়া ভাব দূৰ কৰাৰ লগতে শালমইনা প্ৰতিৰোধ কৰাত সহায় কৰে৷
Leave A Comment