• হোলীৰ ৰঙে ছাল বেয়া কৰিলে নেকি? এই ফেচ পেক লগালে ছাল উজ্জ্বল হ’ব

    স্বাস্থ্য
    হোলীৰ ৰঙে ছাল বেয়া কৰিলে নেকি? এই ফেচ পেক লগালে ছাল উজ্জ্বল হ’ব
    ডিজিটেল ডেস্কঃ হোলীৰ পাছত ছালৰ অৱস্থা অতি বেয়া হৈ পৰে। ৰঙৰ বাবে ছাল নিৰ্জীৱ হৈ পৰে আৰু জিলিকনি হেৰুৱাই পেলায়। 

    হোলীৰ পিছত ছালৰ যথেষ্ট যত্নৰ প্ৰয়োজন। ৰঙৰ বাবে ছালখন অতি নিৰ্জীৱ আৰু শুকান হৈ পৰে। এনে পৰিস্থিতিত যদি হোলী খেলাৰ পিছত আপোনাৰ ছাল শুকান হৈ জিলিকনি হেৰাইছে, তেন্তে এই ফেচ পেক লগাই মুখৰ হেৰাই যোৱা জিলিকনি ঘূৰাই পাব পাৰি। এই ফেচ পেকটো কেনেকৈ বনাব পাৰি জানি লওক।

    চন্দন পাউদাৰেৰে ফেচ পেক বনাওক

    ফেচিয়েল জিলিকনি পাবলৈ আধা চামুচ চাউলৰ আটাত আধা চামুচ চন্দন গুড়ি মিহলাই এচামুচ গোলাপ জলৰ লগত মিহলাই পেষ্ট বনাওক। এই ফেচ পেকটো লাহে লাহে মালিচ কৰি মুখত লগাওক আৰু শুকান হোৱালৈকে ৰাখিব আৰু তাৰ পিছত ঠাণ্ডা পানীৰে ধুব। এই পেক লগোৱাৰ পিছত ছালখন শীতল অনুভৱ হ’ব আৰু মুখৰ জিলিকনি ঘূৰি আহিব।

    মুলতানি মাটিৰে ফেচ পেক বনাওক

    এই ফেচ পেক বনাবলৈ মুলতানি মাটিত ২ চামুচ বিলাহীৰ ৰস মিহলাই আলমণ্ড অইল দি ফেচ পেক বনাওক। তাৰ পিছত এই পেকটো শুকান হোৱালৈকে মুখত ৰাখিব। শুকাই গ’লে মুখখন ধুব। এই ফেচ পেকটো নিয়মিতভাৱে লগাব লাগে। কেইদিনমানৰ ভিতৰতে আকৌ মুখৰ জিলিকনি ঘূৰি আহিব।