• মুখত গৰম পানীৰ ভাপ লয়নে? এই অভ্যাসে ছাল সতেজ কৰিব আৰু জিলিকাই তুলিব

    স্বাস্থ্য
    মুখত গৰম পানীৰ ভাপ লয়নে? এই অভ্যাসে ছাল সতেজ কৰিব আৰু জিলিকাই তুলিব
    ডিজিটেল ডেস্কঃ কিছুমান মানুহে মূৰত টাৱেল দি গৰম পানীৰ ভাপ লয়। এয়া ছালৰ বাবে বৰ উপকাৰী। ছালৰ লগত জড়িত কিছুমান গোপন কথা আছে যিবোৰ কথা কিছুমানে জানে আৰু কিছুমানে নাজানে। গৰম ভাপ ললে ছালখন সতেজ হয় আৰু জিলিকি উঠে।

    মুখত গৰম ভাপ লোৱাৰ উপকাৰিতা 

    ১) ছালখন যৌৱনপুষ্ট হ’বঃ গৰম ভাপ গ্ৰহণ কৰিলে মুখমণ্ডলত কলাজেন আৰু ইলাষ্টিনৰ উৎপাদন বৃদ্ধি পায়, যাৰ ফলত আমাৰ মুখখন যৌৱনপুষ্ট আৰু উজ্জ্বল যেন লাগে। সাধাৰণতে ছালৰ যত্ন বিশেষজ্ঞসকলে সপ্তাহত তিনিবাৰকৈ ভাপ ল’বলৈ পৰামৰ্শ দিয়ে।

    ২) ছালৰ সজীৱতাঃ  কেতিয়াবা পানীৰ অভাৱত আমাৰ মুখৰ ছালখন শুকান হ’বলৈ ধৰে। ছালৰ সজীৱতা বৃদ্ধি কৰিবলৈ আপুনি ফেচ ষ্টিমিং বা মুখত গৰম ভাপ দিব লাগে যাতে মুখৰ হাইড্ৰেচন অক্ষত থাকে, এনে কৰিলে আপোনাৰ মুখখন জিলিকি উঠিব।

    ৩) তেজৰ সঞ্চালনঃ আপুনি আপোনাৰ ছালখন যিমানেই যত্ন নলওক কিয়, কিন্তু কেতিয়াবা এনেকুৱাও হয় যে ইয়াক নিস্তেজ আৰু শুকান দেখা যায়, এনে অৱস্থাত মুখত গৰম ভাপ দিয়ক, ই ছালখনৰ তেজৰ সঞ্চালন উন্নত কৰি তুলিব।

    ৪) পৰিষ্কাৰঃ যিসকলে নিয়মিতভাৱে মুখত গৰম ভাপ লয় তেওঁলোকৰ ছালৰ ছিদ্ৰবোৰ খোল খায়, যিয়ে মলি আৰু মৃত ছালবোৰ আঁতৰায়। ই মুখখন পৰিষ্কাৰ কৰাত সহায় কৰে।