• ৪০ বছৰ বয়সৰ পাছতো হাড়বোৰ মজবুত হৈ থাকিব! এই খাদ্যবোৰৰ লগত বন্ধুত্ব কৰক

    স্বাস্থ্য
    ৪০ বছৰ বয়সৰ পাছতো হাড়বোৰ মজবুত হৈ থাকিব! এই খাদ্যবোৰৰ লগত বন্ধুত্ব কৰক
    ডিজিটেল ডেস্কঃ ৪০ বছৰ বয়সৰ পাছত মানুহৰ হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে। বিশেষকৈ মহিলাৰ শৰীৰত এই কথা বেছিকৈ দেখা যায়। হাড়ৰ দুৰ্বলতাৰ বাবে আমাৰ দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় কামবোৰ কৰিবলৈও অসুবিধাৰ সন্মুখীন হ’ব পাৰে, গতিকে ইয়াৰ স্বাস্থ্যৰ প্ৰতি আমি বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। ইয়াত আমি আপোনালোকক ক’ম যে হাড় দুৰ্বল হ’লে কি কি বস্তু খাব লাগে।

    এইবোৰ খালে হাড়বোৰ মজবুত হ’ব

    যদি আপুনি বিচাৰে যে আপোনাৰ হাড়বোৰ ৪০ বছৰ বয়সৰ পাছতো মজবুত হৈ থাকিব লাগে, তেন্তে ইয়াৰ বাবে আপুনি কেলচিয়াম আৰু ভিটামিন ডিকে ধৰি বহুতো পুষ্টি ভিত্তিক খাদ্য সামগ্ৰী খাব লাগিব।

    -গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী
    সেউজীয়া পাতৰ পাচলি
    -অটচ
    -খিচিৰি
    -গোটা শস্য
    -ফল
    -গাজৰ
    -মটৰ
    -মাখানা
    -অঞ্জীৰ
    -চালাড
    -বাদাম
    -কণী
    -মিঠা আলু
    -মাশ্বৰূম
    -মূলা
    -পালেংশাক

    এইবোৰ কথাত মনোযোগ দিয়ক

    কেঁচা চালাড খাওক
    দিনটোত দুবাৰকৈ গাখীৰ খাব লাগিব কাৰণ ই কেলচিয়াম সমৃদ্ধ ছুপাৰফুড।
    কম চৰ্বিযুক্ত খাদ্য খাওক।
    যদি গাখীৰ ভাল নাপায়, তেন্তে নিয়মিতভাৱে দালি খাওক।
    কণী আৰু অন্যান্য নন-ভেজ বস্তু খালে হাড় উপকৃত হ’ব।
    এদিনত প্ৰায় ৮ৰ পৰা ১০ গিলাচ পানী খাব লাগে।
    ইচ্ছা কৰিলে ফলৰ ৰসো খাব পাৰে।
    প্ৰতিদিনে কমেও আধা ঘণ্টা খোজ কাঢ়িব বা গধুৰ ৱৰ্কআউট কৰক।এই কাম কৰিলে আপোনাৰ হাড়বোৰ মজবুত হৈ পৰে।  
    যোগাসনো কৰিব পাৰে।