• গ্ৰীণ টি খাওঁতে এইবোৰ ভুল নকৰিব! উপকাৰৰ সলনি হ’ব অপকাৰ

    স্বাস্থ্য
    গ্ৰীণ টি খাওঁতে এইবোৰ ভুল নকৰিব! উপকাৰৰ সলনি হ’ব অপকাৰ
    ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় প্ৰায়ে শুনিছে যে গ্ৰীণ টি খালে শৰীৰত বহু উপকাৰ পোৱা যায়। কিছুমান স্বাস্থ্য বিশেষজ্ঞইও পুৱা সাৰ পোৱাৰ পিছত গ্ৰীণ টি খোৱাৰ পৰামৰ্শ দিয়ে। গ্ৰীণ টিত পোৱা গুণে শৰীৰৰ বাবে উপকাৰ কঢ়িয়াই আনে, কিন্তু আপুনি জানেনে যে গ্ৰীণ টি খাওতে কিবা ভুল কৰিলে উপকাৰৰ পৰিৱৰ্তে ক্ষতি হয়। 

    ১) খালী পেটত গ্ৰীণ টি খালে ক্ষতিকাৰক হ’ব পাৰে। ইয়াত থকা টেনিনে পেটৰ বিষ আৰু বদহজমৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত পেটৰ গেছ, এচিডিটি আৰু পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। গতিকে খালী পেটত গ্ৰীণ টি খোৱাৰ পৰা বিৰত থাকি খাদ্য খোৱাৰ পাছত খাবলৈ চেষ্টা কৰিব লাগে।

    ২) অত্যধিক পৰিমাণৰ গ্ৰীণ টি সেৱন কৰিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। অতিৰিক্তভাৱে গ্ৰীণ টিত থকা কেফেইনে আপোনাক অস্থিৰতা, হৃদস্পন্দন বৃদ্ধি আৰু অনিদ্ৰা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি ওজন কমাবলৈ গ্ৰীণ টি সেৱন কৰি আছে, তেন্তে কম পৰিমাণেহে কৰিব লাগে।

    ৩) ৰাতি গ্ৰীণ টি সেৱন কৰিলে আপোনাৰ টোপনিত প্ৰভাৱ পৰিব পাৰে। ইয়াত থকা কেফেইনে আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে। 

    ৪) ৰাতিৰ আহাৰ খোৱাৰ পাছত গ্ৰীণ টি খাব নালাগে। গ্ৰীণ টিত থকা টেনিনে খাদ্যত পোৱা পুষ্টিকৰ উপাদানসমূহ হজম কৰাত সহায় নকৰে। ইয়াৰ কাৰণ হ’ল টেনিন খোৱাৰ পিছত আপোনাৰ শৰীৰত থকা জিংক, কেলচিয়াম, আইৰণ আদি পুষ্টিকৰ উপাদান সঠিকভাৱে শোষণ নহয়। ইয়াৰ ফলত ৰক্তহীনতা আৰু পুষ্টিৰ অভাৱ হ’ব পাৰে।