ডিজিটেল ডেস্কঃ ভাৰতীয় সমাজত
মগু দাইলক(Moong Dal) অতি স্বাস্থ্যসন্মত বুলি বিবেচনা কৰা হয়। সহজে হজম হোৱা মগু দাইল ভাৰতত যথেষ্ট পৰিমাণে খোৱা খাদ্যবোৰৰ ভিতৰত অন্যতম । মগু দাইল কেইবা প্ৰকাৰৰো পোৱা যায় যেনে- গোটা মগু,বাকলি থকা ফলা মগু, বাকলি নথকা হালধীয়া মগু। চিকিৎসক আৰু বিশেষজ্ঞসকলেও অসুস্থ লোকৰ আহাৰৰ তালিকাত মগু দাইল অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে । মগু দাইলৰ পৰা অনেক পুষ্টি লাভ কৰা যায়। এই দাইলৰ উপকাৰিতাৰ বিষয়ে জানো আহক।
মগু দাইলত থকা পুষ্টি
মগু দাইলত এ, বি আৰু চি ভিটামিন প্ৰচুৰ পৰিমাণে থাকে । মগু দাইলত কেলচিয়াম, পটাছিয়াম থকাৰ লগতে আঁহজাতীয় আৰু লৌহ জাতীয় পদাৰ্থ ভৰপূৰ হৈ থাকে । গজালি ওলোৱা গোটা মগুৰ পুষ্টিৰ পৰিমাণ দুগুণ হয় । গজালি ওলোৱা মগুত মেগনেছিয়াম, তাম, ফ'লেট, ৰাইব'ফ্লেভিন, ভিটামিন, ভিটামিন চি, ফাইবাৰ, পটাছিয়াম, ফছফৰাছ, আইৰণ, ভিটামিন বি6, নিয়াচিন, থিয়ামিন আৰু প্ৰ'টিন থাকে । যিহেতু গজালি ওলোৱা মগুত গ্লুকজৰ স্তৰ অতি কম সেয়ে, এনে মগু মধুমেহ ৰোগীৰ বাবে যথেষ্ট উপকাৰী ।
মগু দাইলৰ উপকাৰিতাসমূহ
১) মগু দাইলৰ পানীয়ে শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে আৰু তেজত গ্লুকজৰ স্তৰ নিয়ন্ত্ৰণ কৰে । সেয়েহে মগু দাইল মধুমেহ ৰোগীয়ে উত্তম ফল লাভ কৰে।
২) মগু দাইলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে আৰু সেয়েহে মগু দাইলৰ পানী খালে পাচন তন্ত্ৰই ভালদৰে কাম কৰাত সহায় কৰে ।
৩) মগু দাইল খাই কোষ্ঠকাঠিন্য, গেছ, পেট ফুলা আদিৰ দৰে সমস্যাবোৰৰ উপশম পাব পাৰি ।
৪) মগু দাইলত থকা এণ্টি-মাইক্ৰ'বায়েল আৰু এণ্টি-ইনফ্লেমেটৰী গুণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
৫) মগু দাইল খালে ৰক্তচাপ স্বাভাৱিক আৰু নিয়ন্ত্ৰিত হৈ থকাত সহায়ক হয় ।
৬) অলিগ'ছেকাৰাইডজ হৈছে এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট আৰু অংকুৰিত মগুত ইয়াক পোৱা যায় । ই শৰীৰক গুৰুতৰ ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ।
৭) মগুত এ আৰু চি ভিটামিন থাকে। মগু দাইলে ছালৰ গঠন উন্নত কৰে আৰু ছাল কোমল কৰি ৰাখে ।
৮) মগু দাইলত থকা কেলচিয়ামে মানুহৰ হাড়বোৰ শক্তিশালী কৰে আৰু হাড় ভঙাৰ সম্ভাৱনা হ্ৰাস কৰে।
৯) মগু দাইল পুষ্টিকৰ হোৱাৰ লগতে ইয়াক হজম কৰাও সহজ । সেয়ে, চিকিৎসকসকলে প্ৰায়ে ৰোগীসকলক মগু দাইল আৰু ইয়াৰ খিচিৰি খোৱাৰ পৰামৰ্শ দিয়ে।
Leave A Comment