ডিজিটেল ডেস্কঃ উৎকট গোন্ধেই যাৰ পৰিচয় সেয়াই হৈছে ভেদাইলতা। পাছে গোন্ধটো উৎকট হলেও ভেদাইলতাৰ আছে অনেক স্বাস্থ্য উপকাৰিতা।
ভেদাইলতা আমাৰ সকলোৰে চিনাকি বনশাক৷ ঔষধি গুণৰ ভড়াল ভেদাইলতা। ভেদাইলতা Rubiaceae গোটৰ অন্তৰ্গত ৷ ইংৰাজী নাম Shunk Vine, বৈজ্ঞানিক নাম Paederia foetida.
ভেদাইলতাৰ গুণাগুণ-
১) গ্ৰহণী, অৰুচি আদি সমস্যাত ভেদাইলতাৰ তৰকাৰী খালে অতি সোনকালে আৰোগ্য হয়৷
২) বাতবিষৰ সমস্যা থাকিলে ভেদাইলতাৰ ৰস খালে সুফল পোৱা যায়৷
৩) অৰ্শৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে৷
৪) ভেদাইলতা শুক্ৰবৰ্ধক, বল শক্তি দায়ক৷ পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খালে শক্তি বাঢ়ে।
৫) দাঁতৰ বিষ হ’লে ভেদাইলতাৰ গুটি খাব লাগে৷
৬) মহিলাৰ জৰায়ুজনিত আৰু প্ৰসৱকালীন সমস্যাত ভেদাইলতা খাব লাগে৷
৭) ভেদাইলতাৰ ৰসৰ প্ৰলেপে জ্বৰৰ উপশম ঘটায়৷
৮) ভেদাইলতাৰ ৰস স্নায়ু ৰোগতো ভাল৷
৯) হাড় ফাটিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ প্ৰলেপ দিব লাগে৷
১০) ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়৷
১১) ছালৰ ৰোগত ভেদাইলতাৰ প্ৰলেপ দিলে সুফল পোৱা যায়৷ এলাৰ্জীৰ সমস্যা থাকিলে নিয়মিত খালে উপকাৰ পায়৷
১২) লিভাৰৰ সমস্যাত ভেদাইলতা খাব লাগে৷
১৩) প্ৰাৰম্ভিক পৰ্যায়ত মূত্ৰনলীৰ পাথৰ উলিয়াবলৈও পথ্য হিচাপে ইয়াৰ ব্যৱহাৰ কৰিব পাৰি৷
১৪) কীট পতংগই কামুৰিলে ভেদাইলতাৰ ৰস লগালে বিষ, প্ৰদাহ আদি কমে৷
আহক আমাৰ খাদ্য তালিকাত ভেদাইলতাক আগস্থান দি ভেদাইলতাৰ আঞ্জা, চাতনি, বৰা আদিৰ জুতি লওঁ আৰু শৰীৰটোক নিৰোগী কৰি ৰাখোঁ।
Leave A Comment