• এই ৫বিধ শাক-পাচলিয়ে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে! খাবলৈ আৰম্ভ কৰক

    স্বাস্থ্য
    এই ৫বিধ শাক-পাচলিয়ে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে! খাবলৈ আৰম্ভ কৰক
    ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মানুহৰ হৃদযন্ত্ৰ দুৰ্বল হোৱাটো সঘনাই দেখিবলৈ পোৱা গৈছে। সুস্থ জীৱন-যাপন কৰিবলৈ হ’লে হৃদযন্ত্ৰ সুস্থ হৈ থকাটো অতি প্ৰয়োজন। আমি দৈনিক খোৱা বস্তুবোৰে আমাৰ শৰীৰত বিভিন্ন প্ৰভাৱ পেলায়। আঁহযুক্ত বিভিন্ন ধৰণৰ শাক-পাচলি সহজে পোৱা যায়, যিয়ে কৰি ৰাখে। কলেষ্টেৰলো নিয়ন্ত্ৰণ কৰে। এনে কিছুমান শাক-পাচলিৰ বিষয়ে জানো আহক।

    ১) বীটঃ নাইট্ৰেট, দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহ বীটত পোৱা যায়, যিয়ে শৰীৰৰ সিৰাবোৰ মুকলি কৰাৰ কাম কৰে। ইয়াৰ ফলত ৰক্ত সঞ্চালন ভাল হয়। বীট খালে বেয়া কলেষ্টেৰল কমি যায়। ইয়াৰ উপৰিও বীট নিয়মীয়াকৈ সেৱন কৰিলেও হৃদযন্ত্ৰ সুস্থ হৈ থাকে।

    ২) পালেংশাকঃ  আমি সকলোৱে জানো যে পালেং শাক এবিধ স্বাস্থ্যকৰ শাক। এই সেউজীয়া সতেজ পাতত ভিটামিন আৰু খনিজ পদাৰ্থকে ধৰি বহুতো পুষ্টিকৰ পদাৰ্থ পোৱা যায়। বিশেষজ্ঞসকলৰ মতে খাদ্যত পালেং শাক অন্তৰ্ভুক্ত কৰিলে হৃদযন্ত্ৰ সুস্থ হৈ থাকে।

    ৩) ব্ৰকলিঃ ব্ৰকলিয়ে বেয়া কলেষ্টেৰলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ভিটামিন চি আৰু ডায়েটাৰী ফাইবাৰ ইয়াত অধিক পৰিমাণে পোৱা যায়, যাৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে। আঁহে শৰীৰত জমা হোৱা কলেষ্টেৰল শোষণ কৰাৰ কাম কৰে।

    ৪) গাজৰঃ প্ৰায়বোৰ মানুহৰ প্ৰিয় পাচলি গাজৰ। গাজৰৰ হালোৱা খাই মানুহে বৰ ভালপায়। বিটা-কেৰটিনৰ লগতে ডায়েটেৰী ফাইবাৰো গাজৰত পোৱা যায়, যাৰ ফলত শৰীৰত সুস্থতাৰ মাত্ৰা বাঢ়ি  যায়। গাজৰ খালে হৃদযন্ত্ৰ সুস্থ হয়, তেজ পৰিষ্কাৰ হয় আৰু লগতে বহু ৰোগৰ সম্ভাৱনাও কম হয়।

    ৫) নহৰুঃ  নহৰুক আয়ুৰ্বেদিক ঔষধ বুলিও গণ্য কৰা হয়, যিটো বহু স্বাস্থ্যজনিত সমস্যাত ব্যৱহাৰ কৰা হয়। নহৰুৰ এণ্টি-বেক্টেৰিয়েল, এণ্টি-ফেংগেল আৰু এণ্টি-মাইক্ৰ’বিয়াল গুণৰ বাবে জনাজাত আৰু কলেষ্টেৰল কমোৱাতো ইয়াৰ ফলপ্ৰসূতা পোৱা গৈছে। উচ্চ ৰক্তচাপ ৰোগীৰ বাবেও নহৰু উপকাৰী বুলি বিবেচিত হয় আৰু এইদৰে ই হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।