• ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰাৰ অতি সহজ ঘৰুৱা উপায় জানি লওক! অতি সোনকালে সকাহ পাব

    স্বাস্থ্য
    ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰাৰ অতি সহজ ঘৰুৱা উপায় জানি লওক! অতি সোনকালে সকাহ পাব
    ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত বহুতো মানুহৰ ডায়েবেটিছ ৰোগ হৈছে। এবাৰ এই ৰোগ হ’লে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো অতি কঠিন হৈ পৰে। ডায়েবেটিছ হলে শৰীৰত ভিন্ন বেমাৰে বাহ লয়। ডায়েবেটিছ হ’লে জীৱনশৈলীও অতি কঠিন হৈ পৰে কাৰণ খোৱা-বোৱাত বহু নিয়ম মানি চলিব লগা হয়। যদি আপুনি দীৰ্ঘদিনলৈ সুস্থ হৈ থাকিব বিচাৰে তেন্তে ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ কিছুমান ঘৰুৱা উপায়ো গ্ৰহণ কৰিব পাৰে। খোৱা-বোৱা নিয়ন্ত্ৰণ কৰি সঠিক আহাৰ গ্ৰহণ কৰিলে ব্লাড ছুগাৰ সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

    ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ এই ঘৰুৱা উপায়সমূহ মানি চলক

    ১)তুলসীৰ পাতঃ আমাৰ স্বাস্থ্যৰ বাবে তুলসীক অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। কাৰণ তুলসীত এণ্টি অক্সিডেণ্ট উপাদান পোৱা যায় যিবোৰ আমাৰ বাবে অতি উপকাৰী। সেয়েহে প্ৰতিদিনে ৰাতিপুৱা খালী পেটত দুই-তিনিটা পাত চোবাই খাব লাগে। এনে কৰিলে আপোনাৰ ব্লাড ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব।

    ২) জামুঃ  ডায়েবেটিছ ৰোগীয়ে জামু খাব লাগে। যদি আপুনি দৈনিক জামু বীজ সেৱন কৰে, তেতিয়া ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি। ইয়াৰ বাবে জামুৰ গুটি ভালদৰে শুকুৱাই লওক। এই গুটি শুকুৱাই ভালদৰে পিহি ৰাতিপুৱা খালী পেটত কুহুমীয়া পানীৰে খাব, এনে কৰিলে আপোনাৰ ব্লাড ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব।

    ৩) ডালচেনিৰ গুড়িঃ যদি আপুনি ডায়েবেটিছত আক্ৰান্ত, তেন্তে ডালচেনিৰ গুড়ি খাব পাৰে। আপোনাৰ স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। এনে পৰিস্থিতিত ডালচেনিৰ চাহ বনাই পান কৰিবও পাৰে। এই কাম কৰিলে ব্লাড ছুগাৰৰ মাত্ৰা সহজে নিয়ন্ত্ৰণত ৰাখিব পাৰি।