• শৰীৰৰ এই ৩টা অংশত তীব্ৰ বিষ, জানি লওঁক কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাইছে নেকি

    স্বাস্থ্য
    শৰীৰৰ এই ৩টা অংশত তীব্ৰ বিষ, জানি লওঁক কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাইছে নেকি

    ডিজিটেল ডেস্ক : বৰ্তমান যুগত বেছিভাগ
    লোকৰে ভুল জীৱনশৈলী আৰু দুৰ্বল খাদ্যভ্যাসে কলেষ্টেৰল বৃদ্ধি কৰাটো সাধাৰণ কথা হৈ পৰিছে।
    প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে আমি আগৰ তুলনাত অধিক এলেহুৱা হৈ পৰিছো, শাৰীৰিক ক্ৰিয়া-কলাপ
    আৰু তেলীয়া খাদ্যৰ বাবে আমাৰ শৰীৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত পাছলৈ উচ্চ
    ৰক্তচাপ, ডায়েবেটিছ, হাৰ্টএটেক, ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ, ট্ৰিপল ভেচেল ৰোগ আদি হ’বলৈ
    ধৰে।



     ১. কলেষ্টেৰল কি?



    কলেষ্টেৰল হৈছে এটা আঠাযুক্ত পদাৰ্থ
    যি ভাল বা বেয়া দুয়োটা হ’ব পাৰে। ভাল কলেষ্টেৰলৰ জৰিয়তে শৰীৰত সুস্থ কোষ গঠন হয়,
    আনহাতে বেয়া কলেষ্টেৰলে হৃদৰোগ আৰু ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে।



     ২. তেজত কিমান পৰিমাণৰ কলেষ্টেৰল
    থাকিব লাগে?



    নিৰ্ধাৰিত মান অনুসৰি সুস্থ প্ৰাপ্তবয়স্কসকলৰ
    কলেষ্টেৰলৰ পৰিমাণ ২০০ মিলিগ্ৰাম/ডেচিলিটাৰ পৰ্যন্ত হ’ব লাগে, যদি এই মাত্ৰা ২৪০ মিলিগ্ৰাম/ডেচিলিটাৰৰ
    ওপৰত উপনীত হয়, তেন্তে বুজিব যে বিপদ বৃদ্ধি পাইছে আৰু আপুনি আপোনাৰ জীৱনশৈলী আৰু
    খাদ্যাভ্যাস সলনি কৰিব লাগিব।



     ৩. আপোনাৰ পেৰিফেৰেল আৰ্টাৰী ডিজিজ
    আছে নেকি?



    যদি তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি
    পায়, তেন্তে আপোনাৰ পেৰিফেৰেল আৰ্টেৰী ডিজিজো হ’ব পাৰে। ইয়াৰ ফলত ধমনীবোৰৰ ক্ষতি
    হয়। আচলতে ইয়াৰ ফলত ধমনীবোৰ সৰু হৈ পৰে আৰু ৰক্ত সঞ্চালনত প্ৰভাৱ পৰে।



     ৪. শৰীৰৰ এই অংশত তীব্ৰ বিষ হয়-



    যিহেতু পেৰিফেৰেল আৰ্টেৰী ডিজিজ
    (PAD)ৰ বাবে শৰীৰত তেজৰ সোঁতত বাধাপ্ৰাপ্ত হয়, যাৰ বাবে শৰীৰত পৰিৱৰ্তন হোৱাটো নিশ্চিত।
    ব্যায়াম বা গধুৰ ৱৰ্কআউট কৰিলে উৰু, নিতম্ব আৰু ভৰিৰ তীব্ৰ বিষ হয়। গতিকে চিকিৎসকৰ
    কাষ চাপি কলেষ্টেলৰ মাত্ৰা পৰীক্ষা কৰোৱা উচিত।