• লিচু খাই বাকলিবোৰ পেলাই দিয়ে নেকি? পেলাই নিদিব ই ছালৰ বাবে বৰ উপকাৰী

    স্বাস্থ্য
    লিচু খাই বাকলিবোৰ পেলাই দিয়ে নেকি? পেলাই নিদিব ই ছালৰ বাবে বৰ উপকাৰী
    ডিজিটেল ডেস্কঃ লিচুৰ নাম শুনিলেই মুখলৈ পানী আহে। লিচু বজাৰত মাত্ৰ এমাহৰ পৰা দুমাহৰ বাবেহে পোৱা যায়। ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়া, সকলো বয়সৰ মানুহে এই সুস্বাদু ফলটোক লৈ পাগল হৈ থাকে। আমি লিচু খাই তাৰ বাকলি ডাষ্টবিনত পেলাই দিওঁ, কিন্তু লিচু বাকলিৰ উপকাৰিতাৰ কথা জানিলে আপুনি কেতিয়াও এনে নকৰে। 

    লিচু বাকলিৰ কি কি উপকাৰিতা আছে জানি লওক

    ১/ মুখৰ মৃত ছাল আঁতৰায়ঃ লিচুৰ বাকলিৰ সহায়ত মুখৰ মৰা ছালৰ তৰপটো পৰিষ্কাৰ কৰিব পাৰি। ইয়াৰ বাবে আপুনি এই বাকলিবোৰ শুকুৱাই লওক আৰু তাৰ পিছত পিহি লওক। এতিয়া তাত গোলাপ জল, এলোভেৰা জেল আৰু চাউলৰ গুড়ি মিহলাই পেষ্ট বনাই মুখত লগাওক। এতিয়া লঘু হাতেৰে স্ক্রাব কৰি ১৫ মিনিটমান পিছত পৰিষ্কাৰ পানীৰে মুখখন ধুব। এনে কৰিলে মৰা ছালৰ তৰপটো আঁতৰি যাব আৰু মুখখন জিলিকিবলৈ আৰম্ভ কৰে।

    ২/ ডিঙিৰ ক’লা সাঁচ আঁতৰায়ঃ ডিঙিত ক’লা সাঁচ থকাসকলৰ বাবে লিচুৰ বাকলি এটা ফলপ্ৰসূ প্ৰতিকাৰ বুলি প্ৰমাণিত হ’ব পাৰে। প্ৰথমে বাকলিখিনি পিহি তাত নাৰিকল তেল, হালধি গুড়ি, বেকিং চোডা আৰু নেমুৰ ৰস মিহলাই পেষ্ট প্ৰস্তুত কৰক। এতিয়া এই পেষ্টটো ডিঙিৰ চাৰিওফালে থকা ক’লা অংশত লগাওক আৰু লাহে লাহে মালিচ কৰক। ইয়াৰ ফলত ক’লা ৰং সহজে আঁতৰি যাব।

    ৩/ গোৰোহা পৰিষ্কাৰ হবঃ লিচুৰ বাকলিৰ সহায়ত ভৰিৰ গোৰোহাৰ মলি পৰিষ্কাৰ কৰিব পাৰি কাৰণ ই এক অতি ফলপ্ৰসূ প্ৰতিকাৰ। ইয়াৰ বাবে এই বাকলি পিহি লওক, তাৰপাছত তাত আপেলৰ ভিনেগাৰ, বেকিং চোডা আৰু মুলতানি মাটি মিহলাই লওক। এতিয়া এই পেষ্টটো লেতেৰা গোৰোহাত লগাই প্ৰায় আধা ঘণ্টামান শুকুৱাই ৰাখিব। শেষত পিউমিচ ষ্টোনেৰে গোৰোহাটো পৰিষ্কাৰ কৰক।