ডিজিটেল ডেস্ক: সৌন্দৰ্য বৃদ্ধি কৰা এবিধ বিশেষ ফুল হৈছে নাৰ্জী ফুল। নাৰ্জী ফুলৰ সুবাস অন্যান্য ফুলৰ তুলনাত বহু ব্যতিক্ৰম। নাৰ্জী গৃহ সজ্জাত ব্যৱহাৰ হোৱা এবিধ উজ্বল হালধীয়া ৰঙৰ ফুল। নাৰ্জী ফুলৰ গোন্ধ বহু দূৰৰ পৰাই অনুভৱ কৰিব পাৰি। নাৰ্জী ফুল অতি সোনকালেই ডাঙৰ হৈ ফুলি থকা ঠাইখিনি বা ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰা দেখিবলৈ পোৱা যায়।
অসমৰ গৃহস্থৰ বাগিচাৰ সাধাৰণ ফুল হিচাপে নাৰ্জী ফুলক গণ্য কৰা হয়। কিয়নো এই ফুলৰ খেতি সহজভাৱে কৰিব পৰা যায়। এতিয়া জানো আহক সুগন্ধি নার্জী ফুলৰ মাজত লুকাই থকা ঔষধি গুণসমূহৰ বিষয়ে।
১) নার্জী ফুলৰ পাত খুন্দি তাৰ লেপন কীট-পতংগই কামােৰা অংশত লগালে বিষ নির্মূল কৰাৰ লগতে বীজাণু নাশ কৰিব পাৰে। গাঁওসমূহত এতিয়াও কটা-ছিঙাৰ প্ৰাথমিক চিকিৎসাত নাৰ্জী ফুলকে ব্যৱহাৰ কৰা হয়।
২) ছালৰ ভেঁকুৰজনীত সংক্ৰমণ যেনে খৰ খজুৱতি, ভৰিত পানীয়ে খোৱা আদিত নাৰ্জিফুলৰ পাত উপকাৰী। ইয়াৰ বাবে নাৰ্জিফুলৰ পাত, জেতুকাৰ পাত, শিলিখা, কেঁহাৰাজৰ পাত, তুলসী পাত, মানিমুনি আদি একেলগে খুন্দি আক্রান্ত অংশত লগালে উপশম পোৱা যায়।
৩)নার্জী ফুলৰ পাত খুন্দি তাৰ দুটোপাল ৰস নাকত দিলে নাকৰ পৰা তেজ ওলােৱা বন্ধ হয় ।
৪) শীতকালত হাত-ভৰিৰ ছাল শুকান হৈ পৰে । নাৰ্জী ফুলৰ পাতৰ ৰসৰ লগত ভেচলিন মিহলাই লগালে ছাল নিমজ হৈ পৰে।
৫) নাৰ্জী ফুলৰ পাত গৰম পানীত সিজাই সেই ৰসেৰে কুলকুলি কৰিলে দাঁতৰ বিষৰ পৰাও পৰিত্ৰাণ পোৱা যায়।
৬) নার্জী ফুলৰ পাতৰ ৰস ৰাতিপুৱা খালি পেটত সেৱন কৰিলে পাথৰ হােৱা ৰােগ নিৰাময় হয়।
৭) নার্জী ফুলৰ পাতে মুখৰ দুর্গন্ধ দূৰ কৰাত সহায় কৰে।
এনেদৰে সৌন্দৰ্যৰ প্ৰতীক নার্জী ফুলৰ আছে বহুতো ঔষধি গুণ। সুগন্ধি নার্জী ফুল ওপৰত দিয়া ধৰণে ব্যৱহাৰ কৰি আপুনি ৰোগৰ পৰা উপশম লাভ কৰিব।
উৎস- দৈনিক জনমভূমি
Leave A Comment