• পেইনকিলাৰ খায় নেকি? ই মাতিব পাৰে বিপদ,সাৱধান হওক

    স্বাস্থ্য
    পেইনকিলাৰ খায় নেকি? ই মাতিব পাৰে বিপদ,সাৱধান হওক
    ডিজিটেল ডেস্কঃ বৰ্তমান দৌৰা-দৌৰি সময়, ব্যস্ত জীৱনশৈলী, অস্বাস্থ্যকৰ খাদ্যৰ বাবে মানুহ প্ৰায়ে মূৰৰ বিষ বা অন্য বিষত ভোগে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে পেইন কিলাৰ ব্যৱহাৰ কৰে। এনে ঔষধ সেৱন কৰি তাৎক্ষণিক ফল লাভ কৰে যদিও এই পেইনকিলাৰ খাই থকাটো বৰ বিপদজনক।

    শৰীৰত যিকোনো ধৰণৰ সৰু সমস্যা হ’লে বেছিভাগ মানুহেই পেইন কিলাৰ গ্ৰহণ আৰম্ভ কৰে। কিছুমান মানুহে কেৱল পেইনকিলাৰৰ লগতে অভ্যস্ত হৈ পৰে। এই পেইন কিলাৰে নিশ্চয়কৈ আপোনাৰ বিষ কমাই দিয়ে কিন্তু ইয়াৰ ফলত শৰীৰত আন আন বেমাৰো হ’ব পাৰে। 

    বহু গৱেষণাত প্ৰমাণিত হৈছে যে প্ৰয়োজনতকৈ অধিক পেইন কিলাৰ সেৱন কৰিলে শৰীৰৰ বাবে এয়া বৰ ক্ষতিকাৰক।এই ঔষধবোৰে শৰীৰৰ অংগবোৰত প্ৰভাৱ পেলায়। হাৰ্ট এটেক বা কিডনী-লিভাৰ ফেইলৰ দৰে সমস্যা হ’ব পাৰে। এক অধ্যয়নে এই সন্দৰ্ভত সতৰ্ক কৰি দিছে। বি এম জেত প্ৰকাশিত এই গৱেষণাত কোৱা হৈছে যে মানুহ পৰাপক্ষত পেইনকিলাৰৰ পৰা দূৰত থকাই ভাল। 

    এই অধ্যয়নত পেৰাচিটামলৰ বিষয়েও সদৰী কৰিছে। কোৱা হৈছে যে পেৰাচিটামল এনেকুৱা এটা ঔষধ, যিটো সাধাৰণতে প্ৰতিটো ঘৰতে পোৱা যায়। এই ঔষধটো এটা সাধাৰণভাৱে ব্যৱহৃত ঔষধ। ইয়াৰ অত্যধিক সেৱনৰ বাবে বহু সময়ত এলাৰ্জীৰ অভিযোগ উত্থাপন হয়। ইয়াৰ লগতে লিভাৰৰ ক্ষতি হোৱাৰো এক বৃহৎ আশংকা থাকে। গতিকে যদি আপুনি ইয়াক অবিৰতভাৱে ব্যৱহাৰ কৰি আছে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক। পৰাপক্ষত পেইনকিলাৰৰ পৰা আঁতৰত থাকক। অলপ সময়ৰ শান্তিৰ কাৰণে গোটেই জীৱনৰ বাবে বিপদ মাতি নানিব।