• আনাৰস খাই ভাল পায় নে? অত্যধিক আনাৰস সেৱনে আনিব পাৰে বিপদ

    স্বাস্থ্য
    আনাৰস খাই ভাল পায় নে? অত্যধিক আনাৰস সেৱনে আনিব পাৰে বিপদ
    ডিজিটেল ডেস্ক: ৰসাল সুমিষ্ট ফলৰ ভিতৰত আনাৰস অন্যতম৷ আনাৰসৰ টেঙা-মিঠা সোৱাদ সকলোৰে প্ৰিয়৷ গৰমকালি পকী থকা আনাৰস এটা দেখিলে জিভাৰ পানী নপৰা মানুহ যেন নায়েই৷ গুণগতমানৰ পৰাও ইয়াক ফলৰ ৰজা বুলিব পাৰি৷ ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু এন্য পোষক তত্ত্ব পোৱা যায়, যি আমাৰ শৰীৰৰ কাৰণে অতি উপকাৰী৷ আনাৰসৰ জুচ শৰীৰৰ কাৰণে অতি লাভদায়ক৷ মেটাবলিজম আৰু ইমিউনিটি ধৰি ৰখাটো ই সহায় কৰে৷ কিন্তু আপুনি জানেনে ইয়াৰ অতিমাত্ৰা সেৱনেও অপকাৰ সাধন কৰিব পাৰে৷

    আনাৰসৰ অত্যধিক সেৱনে কি কি ক্ষতি কৰিব পাৰে জানি লওক

    [১] আনাৰসত শৰ্কৰাৰ পৰিমাণ অধিক হোৱা হেতুকে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷

    [২] অতিমাত্ৰা আনাৰস খালে দাঁত কোমল হৈ যায়, যাৰ ফলত দাঁত সৰা, দাঁতৰ সিৰসিৰণিৰ সমস্যা হ’ব পাৰে৷

    [৩] আনাৰসত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়, সেয়েহে অতিমাত্ৰা আনাৰস সেৱন কৰিলে ডায়েৰিয়া, বমি, পেটৰ বিষ, বুকু জ্বলা-পোৰা আদি হ’ব পাৰে৷

    [৪] গৰ্ভৱতী মহিলাই অত্যধিক সেৱন কৰিলে গৰ্ভাশয় সংকোচন হয়, যাৰ ফলত গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে৷

    [৫] বহুত লোকৰ আনাৰস খোৱাৰ বাবে এলাৰ্জি হোৱা দেখা যায়৷ অতিমাত্ৰা আনাৰস খালে ওঁঠ, মুখ, ডিঙি, জিভা আদিৰ খজুৱতি হ’ব পাৰে৷

    উৎস: দৈনিক জনমভূমি


    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino online