• দাঁতৰ দাগ কিদৰে দূৰ কৰিব, দুটা ঘৰুৱা সহজ উপায় জানি থওঁ আহক

    স্বাস্থ্য
    দাঁতৰ দাগ কিদৰে দূৰ কৰিব, দুটা ঘৰুৱা সহজ উপায় জানি থওঁ আহক
    ডিজিটেল ডেস্কঃ বিভিন্ন কাৰণত দাঁতত দাগ পৰিব পাৰে। দাঁতৰ দাগ নোহোৱা কৰিবলৈ আমি ঘৰুৱাভাবেই কেইটামান উপায় মানি চলিব পাৰো। সাধাৰণতে আমি গৰমৰ দিনত দেহ শীতল কৰিবলৈ বজাৰত পোৱা নানান কোম্পানীৰ শীতল পানীয় পান কৰো।

    এনে শীতল পানীয়ৰ নানান অপকাৰী দিশ থাকে। শীতল পানীয়ৰ প্ৰধান উপাদানেই হৈছে চোডা।

    সেয়ে প্ৰায়ে শীতল পানীয় খালে দাঁতৰ এনামেলৰ ক্ষতি হোৱাৰ আশংকা থাকে আৰু দাঁত হালধীয়া হৈ পৰিব পাৰে।

    উচ্চ ৰক্তচাপ,এজমা আদিৰ দৰৱ ব্যৱহাৰৰ বাবেও বহু সময়ত দাঁতত হালধীয়া দাগ পৰা দেখা যায়।

    দাঁতৰ  দাগ অতি সহজে ঘৰুৱা উপায়েৰে দূৰ কৰিব পৰা যায়।

    ইয়াৰ বাবে আপুনি তেনেই সাধাৰণ দুটা ঘৰুৱা প্ৰাকৃতিক উপায় অৱলম্বন কৰিলেই হ’ল।

    প্ৰথম উপায়টো হ’ল বজাৰৰ পৰা মেথি গুটি কিনি আনি সেয়া ভালদৰে গুড়ি কৰি লওঁক।

    মেথি গুটিৰ গুড়িৰে নিতৌ পুৱা দাঁত ঘঁহিলে দাঁতৰ  দাগ দূৰ হ’ব।

    দ্বিতীয় উপায়টো হ’ব নাৰিকলৰ তেলৰ সৈতে নিমখ ভালদৰে মিহলাই এটা পেষ্ট তৈয়াৰ কৰক।

    সেই পেষ্টেৰে দাঁত ঘঁহাৰ লগতে দাঁতৰ আলু মালিচ কৰক। এনে কৰিলে কম দিনৰ ভিতৰতে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ’ব৷
     দাঁতত দাগ নপৰিবলৈ তামোল-পান , গুটখা আদি খোৱাৰ পৰাও বিৰত থকা উচিৎ।