• টাইপ ২ ডায়েবেটিছৰ ২০% কাৰণ বায়ু প্ৰদূষণ! গৱেষণাত প্ৰকাশ

    স্বাস্থ্য
    টাইপ ২ ডায়েবেটিছৰ ২০% কাৰণ বায়ু প্ৰদূষণ! গৱেষণাত প্ৰকাশ
    ডিজিটেল ডেস্কঃ ভাৰতত টাইপ ২ ডায়েবেটিছ ৰোগীৰ সংখ্যা বাঢ়িছে। বিভিন্ন সময়ত ডায়েবেটিছ ৰোগে নিশ্চয় মানুহৰ মনত উদ্বিগ্নতা বৃদ্ধি কৰে । এই কাৰণেই কোৱা হৈছে যে ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীয়ে সকলো সময়তে তেজৰ চুগাৰ লেভেলক লৈ চিন্তিত হৈ থাকে আৰু একে সময়তে তেওঁৰ খাদ্যৰ বাছনি অতি সাৱধানে কৰিবলগীয়া হয়।

    বৰ্তমান সময়ত ডায়েবেটিছ এক সাধাৰণ ৰোগত পৰিণত হৈছে যদিও কিছুদিন আগলৈকে ইয়াক কেৱল বৃদ্ধ লোকৰ মাজতহে পোৱা গৈছিল । বৰ্তমান এই ৰোগ যুৱক-যুৱতীসকলৰ মাজতো দেখিবলৈ পোৱা যায়। ডায়েবেটিছ দুই প্ৰকাৰৰ, প্ৰথমটো হৈছে টাইপ ১ ডায়েবেটিছ আনহাতে দ্বিতীয়টো হৈছে টাইপ ২ ডায়েবেটিছ।

    ডায়েবেটিছৰ সৰহসংখ্যক ঘটনা টাইপ ২ ডায়েবেটিছৰ অন্তৰ্গত। য’ত আমি বংশগতভাৱে টাইপ ১ ডায়েবেটিছ পাওঁ, তাত টাইপ ২ ডায়েবেটিছৰ কাৰণ হ’ল আমাৰ দুৰ্বল জীৱনশৈলী আৰু অনিয়মিত খাদ্যাভ্যাস। অস্বাস্থ্যকৰ খাদ্যৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে টাইপ ২ ডায়েবেটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি কৰিছে । টাইপ ২ ডায়েবেটিছত তেজত গ্লুক’জৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে ৷

    এটা নতুন গৱেষণাত পোহৰলৈ আহিছে যে বাঢ়ি অহা বায়ু প্ৰদূষণৰ ফলত টাইপ ২ ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। পি এম ২.৫ কণাযুক্ত পদাৰ্থৰে প্ৰদূষিত বায়ুৰ দীৰ্ঘদিন ধৰি সংস্পৰ্শলৈ আহিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। আগশাৰীৰ চিকিৎসা আলোচনী লেন্সেটৰ এক অধ্যয়নত কোৱা হৈছে যে টাইপ ২ ডায়েবেটিছৰ ২০% ৰোগী পি এম ২.৫ প্ৰদূষকৰ দীৰ্ঘদিনীয়া সংস্পৰ্শৰ সৈতে জড়িত। 

    এই অণু প্ৰদূষক তেল, ডিজেল, জৈৱবস্তু আৰু গেছলিন জ্বলালে নিৰ্গত হয় আৰু ই বায়ু প্ৰদূষণৰ সৃষ্টি কৰে।

    ইয়াৰ সংস্পৰ্শলৈ অহা মানুহৰ টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।