• চৰকাৰৰ পৰ্যটন বিভাগৰ প্ৰসাৰৰ বাবে বাইক ৰাইডিং! দুৰ্ঘটনাত মৃত্যু জনপ্ৰিয় ইউটিউবাৰৰ

    ৰাষ্ট্ৰীয়
    চৰকাৰৰ পৰ্যটন বিভাগৰ প্ৰসাৰৰ বাবে বাইক ৰাইডিং! দুৰ্ঘটনাত মৃত্যু জনপ্ৰিয় ইউটিউবাৰৰ
    ডিজিটেল ডেস্কঃ এক কৰুণ দুৰ্ঘটনা। এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটিল এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ। সোমবাৰে মধ্যপ্ৰদেশৰ প্ৰখ্যাত ইউটিউবাৰ অভ্যুদয় মিশ্ৰৰ বাইক ৰাইডিঙৰ সময়ত এক পথ দুৰ্ঘটনাত মৃত্যু হয়। অভ্যুদয় মিশ্ৰৰ 'স্কাইলৰ্ড' নামৰ এটা ইউটিউব চেনেল আছিল। তেওঁৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰ আছিল ১৪ লাখ। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ মৃত্যুক সাৱটি লয় অভ্যুদয়ে।
    Abhyudaya Mishra Death Popular Free Fire Gamer, Youtuber 2022  MAYAKODIARY-The Best Shayari & Lyrics Site
    মধ্যপ্ৰদেশ চৰকাৰৰ পৃষ্ঠপোষকতাত পৰ্যটন প্ৰসাৰৰ বাবে ৰাজ্যিক ৰাইডিঙৰ এটা দলৰ সৈতে গৈ থকা সময়তে বিপৰীত দিশৰ পৰা এখন ট্ৰাকে খুন্দা মাৰে অভ্যুদয় মিশ্ৰক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অভ্যুদয়ক লগে লগে ভূপালৰ বনসাল হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে।

    ইউটিউবত গেমিং ভিডিঅ’ আপলোড কৰি কম সময়ৰ ভিতৰতে দেশৰ অন্যতম জনপ্ৰিয় ইউটিউবাৰ হৈ পৰা অভ্যুদয়ৰ এই আকস্মিক মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে তেওঁৰ লাখ লাখ ফল’ৱাৰ্ছক। ইনষ্টাগ্ৰামতো তেওঁৰ জনপ্ৰিয়তা আছিল। তাত তেওঁৰ প্ৰায় ছাৰে তিনি লাখ ফল’ৱাৰ্ছ আছে। তেওঁৰ ভিডিঅ’বোৰে লাখ লাখ ভিউছ লাভ কৰে।
    Youtuber Abhyuday Mishra Setting New Heights In Gaming World - यूट्यूबर अभ्युदय  मिश्रा ने मेहनत कर पाया मुकाम, गेमिंग वर्ल्ड में बटोर रहे हैं सुर्खियां -  Amar Ujala Hindi News Live
     মধ্যপ্ৰদেশ পৰ্যটন ব’ৰ্ডৰ এজন বিষয়াই নিশ্চিত কৰিছে যে ইউটিউবাৰজনে সোহাগপুৰত এক দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।