• অসহায়! তুৰ্কীৰ ওচৰত নটজানু তালিবান

    আন্তঃৰাষ্ট্ৰীয়
    অসহায়! তুৰ্কীৰ ওচৰত নটজানু তালিবান

    কাবুলঃ আফগানিস্তানৰ ৰাজধানী কাবুলৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কাৰিকৰী সহায়ৰ আহ্বান তালিবানৰ। সহায় বিচাৰি তুৰ্কীৰ সৈতে আলোচনাত বহিছে তালিবানে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত বিদেশী বাহিনীয়ে দেশত্যাগ কৰাৰ পাছত সংগঠনটোৱে বিমানবন্দৰটো পৰিচালনা কৰিবলৈ শেহতীয়াকৈ তুৰ্কীৰ পৰা কাৰিকৰী সহায় বিচাৰিছে। একে সময়তে, তুৰ্কী সৈন্যইও নিৰ্ধাৰিত সময়সীমাৰ অনুসৰি অৰ্থাৎ ৩১ আগষ্টৰ ভিতৰত আফগানিস্তান ত্যাগ কৰাত জোৰ দিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘ৰয়টাৰ্ছ’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।






    ইফালে, তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ ইব্ৰাহিম কালিনে সদৰী কৰে যে, ‘আমাৰ সৈন্য প্ৰত্যাহাৰৰ পাছতো আমি তাত থকা বিমানবন্দৰত নিৰাপত্তাৰ কাম অব্যাহত ৰাখিবলৈ সক্ষম হ'ম। যদি চৰ্তাৱলী আৰু নিয়মাৱলীত তালিবানে পূৰ্ণ সমৰ্থন আগবঢ়ায়। এই সন্দৰ্ভত এক চুক্তি হ’লে আমাৰ প্ৰয়োজনীয় সেৱা অব্যাহত ৰাখিম।’
    অৱশ্যে, তালিবানৰ চৰ্ত অনুসৰি আফগানিস্তানত সৈন্য অবিহনে কাবুল বিমানবন্দৰ চলাবলৈ তুৰ্কীয়ে প্ৰয়োজনীয় কাৰিকৰী সমৰ্থন প্ৰদান কৰিবলৈ সন্মত হ’বনে নাই, সেয়া এতিয়ালৈ নিশ্চিত হোৱা নাই।