• আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ গেটছ দম্পত্তিৰ ! সম্পত্তিৰো বিভাজন

    আন্তঃৰাষ্ট্ৰীয়
    আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ গেটছ দম্পত্তিৰ ! সম্পত্তিৰো বিভাজন

    ৱাছিংটনঃ বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি বিল গেটছ আৰু মেলিণ্ডা ফ্ৰেঞ্চ গেটছৰ বিবাহৰ ২৭ বছৰৰ পাছত আনুষ্ঠানিকভাৱে আজি বিবাহ বিচ্ছেদ ঘটে। তেওঁলোকে তিনি মাহৰ পূৰ্বে বিবাহ বিচ্ছেদ কথা ঘোষণা কৰিছিল। আদালতৰ তথ্য অনুসৰি সোমবাৰে ৱাশ্বিংটনৰ কিং কাউণ্টিত এজন ন্যায়াধীশে বিবাহ ভংগৰ সিদ্ধান্ত লয়, য'ত কোনো পক্ষই ‘স্পাউচাল সমৰ্থন’ প্ৰাপ্ত নকৰে বা তেওঁলোকৰ নাম সলনি নকৰে বুলি বিৱৰণ দিয়া হৈছিল। বিচাৰকে পৃথকীকৰণ চুক্তিৰ চৰ্ত অনুসৰি তেওঁলোকৰ সম্পত্তি বিভাজন কৰিবলৈ নিৰ্দেশ দিছিল, যি চৰ্তৰ অধীনত সকলো তথ্য গোপনীয় হৈ থাকে। 

    ৱাশ্বিংটনৰ আইন অনুসৰি বিবাহ বিচ্ছেদৰ প্ৰস্তাব দাখিল কৰা আৰু চূড়ান্ত কৰাৰ মাজত ৯০ দিনৰ অপেক্ষাৰ ম্যাদ নিৰ্ধাৰণ কৰা হৈছে। গেটছ দম্পত্তিহালে মে’ মাহত তেওঁলোকৰ বিচ্ছেদৰ কথা প্ৰকাশ হোৱাৰ পাছত, গেটছৰ কেচকেড ইনভেষ্টমেণ্টৰ হাতত থকা ৩ বিলিয়নতকৈয়ো অধিক মূল্যৰ সম্পত্তি ফ্ৰেঞ্চ গেটছৰ নামলৈ স্থানান্তৰ কৰে। 

    তথ্য অনুসৰি ৬৫ বছৰীয়া গেটছৰ সম্পত্তিৰ মূল্য বৰ্তমান ১৫০ বিলিয়নৰো অধিক। সোমবাৰে দাখিল কৰা ন্যায়াধীশে সম্পত্তি বিভাজনৰ পৰিকল্পনাক ‘ন্যায়সংগত’ বুলি অভিহিত কৰে।