National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
নতুন দিল্লী : তালিবানী ত্ৰাসে জৰ্জৰিত কৰা আফগানিস্তানৰ পৰা উভতিল ৮৫ ভাৰতীয়। ভাৰতীয় বায়ুসেনাৰ এখন বিমানেৰে এইসকল লোকক দেশৰ মাটিলৈ ঘূৰাই অনা হ’ল। শনিবাৰে পুৱা বায়ুসেনাৰ চি-১৩০জে যাত্ৰাবাহী বিমানখনেৰে এইসকল লোকক সন্ত্ৰাসৰ ভূমিৰ পৰা লৈ অহা হ’ল দেশৰ মাটিলৈ। চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে, আফগানিস্তানত আবদ্ধ হৈ থকা ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনা এনে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। কাবুলৰ পৰা উৰা মৰা বিমানখনে ইন্ধন ভৰোৱাৰ বাবে তাজিকিস্তানৰ ডুশ্বানবিত সুকলমে অৱতৰণ কৰা বুলি জানিব পৰা গৈছে।
ভাৰতে আফগানিস্তানৰ পৰা সকলো কূটনীতিককে দেশলৈ ঘূৰাই আনিছে যদিও তালিবানী সন্ত্ৰাসে জৰ্জৰিত কৰা দেশখনৰ বিভিন্ন চহৰত এতিয়া সহস্ৰাধিক ভাৰতীয় আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। তেওঁলোকৰ সকলোৱে দূতাবাসত নিজৰ নাম পঞ্জীয়ন নকৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ অৱস্থান আৰু কি পৰিস্থিতিত তেওঁলোক আছে সেয়া নিশ্চিত কৰাটো প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে বুলি প্ৰকাশ কৰিছে গৃহ মন্ত্ৰণালয়ে।
ইফালে, কাবুলৰ পৰা আন ২৫০জন ভাৰতীয়ক দেশলৈ ঘূৰাই অনাৰ বাবে বায়ুসেনাৰ আন এখন বিমান সাজু হৈ আছে। যিমান সোনকালে ভাৰতীয় নাগৰিকসকল বিমানবন্দৰত উপস্থিত হ’ব পাৰে, সিমান সোনকালেই বিমানখনে দেশলৈ উৰা মৰাৰ সম্ভাৱনা আছে। তালিবানে বিমানবন্দৰলৈ যোৱা পথ বন্ধ কৰি দিয়াৰ বাবে এই প্ৰত্যাৱৰ্তন যাত্ৰা কষ্টকৰ হোৱাৰ আশংকাই দেখা দিছে।
Leave A Comment