Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
ৱাশ্বিংটন : ‘প্ৰতিশোধ লোৱা হ’ব।’ কাবুল বিমানবন্দৰত বৃহস্পতিবাৰে সংঘটিত আত্মঘাতী আক্ৰমণৰ পাছতে এই হুংকাৰ দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। ১৩জনকৈ কৰ্তব্যৰত মাৰ্কিন সেনা জোৱানসহ শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া এই আক্ৰমণ সংঘটিত কৰিছিল আই এছ সন্ত্ৰাসবাদীয়ে। তাৰ পাছতে তৎপৰ হৈ পৰিছে আমেৰিকা। আফগান ভূমিৰ পৰা নিজৰ নাগৰিক আৰু দেশ ত্যাগ কৰিব বিচৰা লোকসকলক উদ্ধাৰ অভিযান চলাই থকা মাৰ্কিন সেনাৰ ওপৰত হোৱা আক্ৰমণৰ মূল্য ভৰিব লাগিব বুলি বাইডেনে হুংকাৰ দিয়াৰ পাছতে মাৰ্কিন সেনাই ড্ৰোন আক্ৰমণ সংঘটিত কৰিছে আই এছৰ ঘাটীত।
ইছলামিক ষ্টেট-খোৰাচান নামেৰে পৰিচিত মৌলবাদী সন্ত্ৰাসবাদীৰ দলটোৱে এই আক্ৰমণ সংঘটিত কৰিছিল আৰু এই আক্ৰমণৰ পৰিকল্পনাকাৰীৰ ওপৰত শুকুৰবাৰে ড্ৰোন আক্ৰমণ চলোৱাৰ কথা প্ৰকাশ কৰিছে মাৰ্কিন সেনাই। আফগানিস্তানৰ নানগাৰহাৰ প্ৰদেশত এই এয়াৰ ষ্ট্ৰাইক কৰা হৈছে আৰু ‘লক্ষ্য’ক নিহত কৰা হৈছে বুলি মাৰ্কিন সেনাৰ এজন বিষয়াই দাবী কৰিছে।
এই আক্ৰমণৰ ফলত কোনো অসামৰিক লোক হতাহত হোৱা নাই বুলিও সদৰি কৰে মাৰ্কিন সেনাৰ চেণ্ট্ৰেল কমাণ্ডৰ কেপ্টেইন বিল আৰবানে। এনে প্ৰত্যাক্ৰমণে আমেৰিকাৰ প্ৰতিশোধৰ হুংকাৰৰ পূৰণ কৰিলেও ই দেশখনত পুনৰ যুদ্ধৰ সূত্ৰপাত ঘটোৱাৰ আশংকাও পুনৰ গাঢ় হৈ পৰিছে। তালিবানৰ ত্ৰাসে জৰ্জৰিত কৰি ৰখা দেশখনত এইবাৰ আই এছৰ এনে উত্থানো ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বুলি চিহ্নিত হৈছে।
Leave A Comment