Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
কাবুল : আফগানিস্তানত চলা তালিবানবিৰোধী অভিযানত মূল ভূমিকা গ্ৰহণ কৰিছিল আমেৰিকাই। এক বিধ্বংসী যুঁজ চলিছিল দীঘলীয়া সময় ধৰি। প্ৰায় দুই দশক সন্ত্ৰাসবাদ বিৰোধী যুঁজ চলোৱাৰ নামত তচনচ কৰি পেলোৱা হৈছে দেশখন। সন্ত্ৰাসবাদ এতিয়াও সম্পূৰ্ণৰূপে দমন হোৱা নাই। কিন্তু এতিয়া এক গুৰুকত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আমেৰিকাই। আফগানিস্তানৰ বৃহত্তম সামৰিক ঘাটী এৰি দিছে আমেৰিকা আৰু নাটোৰ সৈন্য বাহিনীয়ে। মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ এগৰাকী বিষয়াই শুকুৰবাৰে এইকথা প্ৰকাশ কৰিছে।
সন্ত্ৰাসজৰ্জৰ দেশখনৰ পৰা সম্পূৰ্ণৰূপে বিদেশী সামৰিক শক্তি প্ৰত্যাহাৰৰো ইংগিত দিয়ে বিষয়াগৰাকীয়ে। প্ৰায় দুটা দশক ধৰি আফগানিস্তানত সন্ত্ৰাসবাদ দমন অভিযান চলাই থকাৰ পাছত এতিয়া মাৰ্কিন তথা নাটো বাহিনীৰ অভিযান সমাপ্ত কৰাটো আসন্ন হৈ পৰিছে। আফগানিস্তানৰ মাৰ্কিন সামৰিক অভিযানত এই বাগৰাম সামৰিক ঘাটীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তালিবান তথা আল কায়দাৰ দৰে বিশ্বত্ৰাস সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই এয়াৰ ফিল্ডৰ পৰাই এয়াৰ ষ্ট্ৰাইক চলোৱাৰ লগতে বিভিন্ন সামৰিক ঘাটীলৈ সৈন্য তথা ৰচদ-পাতিৰ যোগানৰ কামো কৰা হৈছিল। এই বাগৰাম ঘাটীৰ পৰা মিত্ৰবাহিনীৰ সকলো সৈন্যকে আঁতৰাই নিয়া বুলি প্ৰকাশ কৰিছে মাৰ্কিন প্ৰতিৰক্ষা বিভাগে। আফগানিস্তানৰ পৰা মাৰ্কিন আৰু নাটো বাহিনীৰ সৈন্য অপসাৰণৰ শেষ পৰ্যায়ত উপস্থিত হৈছে। ১১ ছেপ্টেম্বৰৰ সময়সীমাৰ ভিতৰত দেশখনৰ পৰা সকলো বিদেশী সৈনিকক আঁতৰাই লৈ যোৱাৰ সম্ভাৱনা আছে।
Leave A Comment