ডিজিটেল ডেস্ক : নানা জল্পনা-কল্পনা, উদ্বেগ-আশংকাৰ পাছত আফগানিস্তানত গঠন হ’ল তালিবান চৰকাৰ। আনুষ্ঠানিকভাৱে ক্ষমতা দখলৰ পাছতে তালিবানে নিজৰ ৰং দেখুৱাবলৈ আৰম্ভ কৰিছে। শ্বৰিয়া আইন অনুসৰি দেশখনৰ সকলো শাসনকাৰ্য পৰিচালিত হ’ব তথা আফগান জনগণৰ গতি চূড়ান্ত ৰক্ষণশীল শ্বৰিয়া আইনেই নিৰ্ধাৰণ কৰিব বুলি স্পষ্ট ঘোষণা কৰিছে তালিবান নেতৃত্বই।
কেৱল এয়াই নহয় এইবাৰ এখোপ আগুৱাই গৈ তালিবানৰ শিক্ষামন্ত্ৰীয়ে কৰিছে আজৱ ঘোষণা। তালিবান চৰকাৰৰ শিক্ষামন্ত্ৰী নিযুক্ত হৈছে শ্বেখ মৌলবী নুৰুল্লা মুনিক। শিক্ষামন্ত্ৰীৰ আসনত বহি তেওঁ ঘোষণা কৰিছে স্নাতকোত্তৰ ডিগ্ৰী, পি এইচ ডি আদি মূল্যহীন। সৰ্বজ্ঞানী, সৰ্বময় কৰ্তা হৈছে তালিবান নেতাসকলহে। তেওঁ ঘোষণা কৰে, ‘আজিৰ দিনত পিএইচডি তথা স্নাতকোত্তৰ ডিগ্ৰীৰ কোনো মূল্য নাই।
মোল্লা তথা তালিবানৰ যিসকল নেতা ক্ষমতাত অধিষ্ঠিত হৈছে তেওঁলোকৰ এনে ডিগ্ৰী নাই। আনকি তেওঁলোকে বিদ্যালয়ৰ মজিয়াও গচকা নাই। কিন্তু তেওঁলোক শ্ৰেষ্ঠ।’ তালিবানী শিক্ষামন্ত্ৰীৰ এনে ঘোষণাই দেশখনৰ শিক্ষা ব্যৱস্থাৰ ৰূপ কি হ’ব তাৰ ইংগিত তুলি ধৰিছে। উল্লেখ্য যে, মহম্মদ হাছান আখুন্দৰ নেতৃত্বত দেশখনত তালিবানৰ চৰকাৰ গঠন হৈছে। আনহাতে উপ-প্ৰধানমন্ত্ৰীৰ পদত বহিছে বৰাদাৰ।
Leave A Comment