• ইছলামত নিষিদ্ধ সংগীতঃ তালিবান

    আন্তঃৰাষ্ট্ৰীয়
    ইছলামত নিষিদ্ধ সংগীতঃ তালিবান

    নিউয়ৰ্কঃ নতুন তালিবানৰ অধীনত সংগীতৰ কোনো স্থান নাই বুলি তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে শেহতীয়াকৈ সদৰী কৰিছে। নিউয়ৰ্ক টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, ‘ইছলামত সংগীত নিষিদ্ধ। আমি আশা কৰিছোঁ যে মানুহক হেঁচা দিয়াৰ পৰিৱৰ্তে, আমি তেওঁলোকক এনে কাৰ্য নকৰিবলৈ প্ৰবোধ দিবলৈ সক্ষম হ’ম।‘






    উল্লেখ্য যে, ১৯৯০ৰ দশকত তালিবানৰ অধীনত সংগীত, দূৰদৰ্শন আৰু চলচ্চিত্ৰ নিষিদ্ধ কৰা হৈছিল। নিয়ম ভংগকাৰীসকলক নিৰ্ণায়ক শাস্তি পৰ্যন্ত বিহা হৈছিল। কিন্তু তালিবানে ক্ষমতা হেৰুওৱাৰ পাছত আফগানিস্তানত সংগীত আৰু সংগীতানুষ্ঠানৰ পৰিৱেশে বিগত সময়ছোৱাত এক নতুন ৰূপ পৰিগ্ৰহ কৰিছিল। আফগানিস্তানত ৰাষ্ট্ৰীয় সংগীত প্ৰতিষ্ঠানও মুকলি কৰা হৈছিল। ইয়াৰোপৰি, মহিলা গোটবোৰে দেশ-বিদেশৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল।






    মহিলাসকলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নানা অভিসন্ধিৰ আৱৰণ আঁতৰাই মুজাহিদে আফগানিস্তানত মহিলাৰ সুৰক্ষা সম্পৰ্কীয় উদ্বেগ ভিত্তিহীন বুলি বৰ্ণনা কৰিছে। তেওঁৰ মতে, মহিলাসকলে সদায় ঘৰত থাকিব। প্ৰতিগৰাকী মহিলাই তেওঁলোকৰ মুখ ঢাকিবলৈ হিজাপ ব্যৱহাৰ কৰিব। মহিলাসকলে ৩ দিন বা অধিক সময়ৰ বাবে ভ্ৰমণলৈ গ’লে তেওঁলোকৰ সৈতে এগৰাকী পুৰুষ অভিভাৱক হিচাপে থাকিব। ইয়াৰ পূৰ্বেও আফগানিস্তানৰ উত্তপ্ত পৰিস্থিতিৰ সাম নকটালৈকে জাবিউল্লাহ মুজাহিদে মহিলাসকলক নিৰাপত্তাজনিত কাৰণত ঘৰতে থাকিবলৈ পৰামৰ্শ দিছিল।