Regional
নতুন দিল্লী : ক’ৰনাত আক্রান্ত সাহিত্যিক তচলিমা নাছৰিন। দেওবাৰে ছ’চিয়েল মিডিয়াযোগে তেওঁ নিজেই এই কথা প্ৰকাশ কৰিছে। তেওঁৰ আক্ষেপ, ‘ইমান দিন অকলে থকাৰ পাছতো ৰক্ষা নাপালোঁ। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, ‘মই চিৰকাল বৰ দুর্ভগীয়া।
আৰু পঢ়িব পাৰিব : ‘দেবদাস’ৰ দুটা যুগৰ পাছত পুনৰ শ্বাহৰুখ-সঞ্জয়ৰ যুটি…
বিগত বছৰৰ মার্চ মাহৰ পৰা ঘৰত অকলে আছোঁ, ঘৰটোৱে সংগী, ক’লৈকো এখোজ ওলায়ো যোৱা নাছিলোঁ, কাকো ঘৰৰ ভিতৰত সোমাবও দিয়া নাছিলোঁ, ৰন্ধা বাচন-বৰ্তন ধোৱা, কাপোৰ ধোৱা, ঘৰ সৰা-মচা কৰা সকলো কাম মই অকলেই কৰিছিলোঁ। কি লাভ হ’ল? ক’ভিডত আক্ৰান্ত হ’লোঁ।
আৰু পঢ়িব পাৰিব : ক’ভিড ভেকচিন লৈ কি বাৰ্তা দিলে বিৰাট, ঈশান্তে…
অৱশ্যে, এতিয়া তেওঁ ক্ৰমাত সুস্থ হৈ উঠিছে। তেওঁ লিখিছে, 'লাহে লাহে মই সুস্থ হৈ উঠিছোঁ। কিন্তু হাজাৰ হাজাৰ মানুহ যিসকল সুস্থ হোৱা নাই! যিয়ে স্বাভাৱিক শ্বাস-প্ৰশ্বাসৰ বাবে আপ্রাণ চেষ্টা কৰিছে কিন্তু পৰা নাই, তেওঁলোকৰ বাবে মই দুঃখিত।' তেওঁ লগতে কয়, কৰ’নাক লৈ মানুহৰ ভুল ধাৰণা পূৰ্বতকৈ কমিছে। এবছৰত অসংখ্য মানুহৰ কৰ’না হৈছে কিন্তু ভাল লগা কথাতো হৈছে এয়ে যে, কোনেও ক’বলৈ সংকোচ নকৰে যে তেওঁ ক’ভিডত আক্ৰান্ত হৈছে।
Leave A Comment